নগাঁও, ১৪ জানুৱাৰী (হি স)। আজি ভোগালীৰ উৰুকা । উৰুকাৰ নিশা পৰিয়ালৰ সৈতে মিলি লগে ভাগে এসাজ খোৱাৰ বাবে মাছৰ বজাৰত সমূহত ভিৰ হোৱা পৰিলক্ষিত হৈছে । কামপুৰ মাছৰ বজাৰতো পুৱতি নিশাৰ পৰা নিজৰ পছণ্ডৰ মাছ বিচাৰি ভিৰ কৰিছে বহুজনে । ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ পৰা কামপুৰ বজাৰত ভৰি পৰি ৰৌ, বৰালি, ভকুৱা, চিতলকে ধৰি বিভিন্ন মাছ সমূহ ৷
উৰুকা নিশা সকলেৱে মন ভৰাই এসাজ খাবলৈ পুৱতি নিশাৰ পৰা ভিৰ কৰিছে মাছ বজাৰ সমূহত । আনহাতে এইবেলি উচ্ছাহ নাই বহু দুখীয়া ৰাইজৰ ৷ কামপুৰ ঐতিহ্যাসিক দীঘলি বিলত সকলোৱে একেলগে পৰম্পৰাগত ভাৱে মৎস্য চিকাৰ কৰাত এইবেলি নিষেধাজ্ঞা জাৰি কৰিছে চৰকাৰে ৷ যাৰ বাবে বহু দুখীয়া ৰাইজে বজাৰৰ মাছৰ চ’ৰা দামৰ বাবে মাছ অবিহনেই উৰুকা পালন কৰিব লগা পৰিবেশৰ সূচনা হৈছে ৷
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
