

গুৱাহাটী , ৩০ ডিচেম্বৰ (হি.স.)। ডিমৰীয়াৰ মালয়বাৰীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব সৰ্ববৃহৎ হাফ মাৰাথন দৌৰ প্ৰতিযোগিতা। সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া এই হাফ মাৰাথন দৌৰ প্ৰতিযোগিতাত প্ৰাইজমানি হিচাপে থাকিব সৰ্বমুঠ তিনি লাখ টকা। মালয়বাৰী মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ নামঘৰৰ হীৰক জয়ন্তী বৰ্ষ উদযাপন উপলক্ষে আয়োজন কৰা এই হাফ মাৰাথন দৌৰৰ লগতে অনুষ্ঠিত হ’ব ফান ৰাণ।
পুৰুষ-মহিলা উভয়ে শাখাতে অনুষ্ঠিত হ’বলগীয়া এই হাফ মাৰাথন দৌৰ প্ৰতিযোগিতাত প্ৰথম দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠ প্ৰতিযোগীক প্ৰদান কৰা হ’ব ক্ৰমে ৫০,০০০ টকা, ৩০,০০০ আৰু ২০,০০০ টকা লগতে লৰা ছোৱালী উভয় শাখাতে অন্য সাতগৰাকী প্ৰতিযোগীক বিশেষভাৱে পুৰস্কৃত কৰা হ’ব।
আজি ক্ষেত্ৰীত উদযাপন সমিতিৰ ক্ৰীড়া বিভাগে আয়োজন কৰা এক সংবাদমেলত এই কথা ঘোষণা কৰে উদ্যোক্তাই।
আনহাতে সংবাদ মেলতে ব্ৰেণ্ড এম্বেছাদৰ হিচাপে থকা মণিপুৰৰ অলিম্পিয়ান থকছম অনুৰাধা, আন্তঃৰাষ্ট্ৰীয় এথলিট তৈইবুন নেছা আৰু আন্তঃৰাষ্ট্ৰীয় মাৰাথনাৰ আব্দুল বাৰেক উপস্থিত থাকি দৌৰ প্ৰতিযোগিতাৰ কেপ আৰু টি-চাৰ্ট আনুষ্ঠানিকভাৱে মুকলি কৰে। ১৮ জানুৱাৰীৰ কাহিলী পুৱা ৫ বজাত অনুষ্ঠিত হ’বলগীয়া এই খেলৰ উদ্ধোধনী অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ লগতে ইতিমধ্যে অনলাইন যোগে সহস্ৰাধিক প্ৰতিযোগীৰ অংশগ্ৰহণ নিশ্চিত কৰা বুলি জানিব দিয়ে উদযাপন সমিতিয়ে।
হিন্দুস্থান সমাচাৰ / Narayan Kar
