
গুৱাহাটী, ১২ ডিচেম্বৰ (হি.স.)। ডিমৰীয়াৰ বামফৰত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা। প্ৰাণ গ’ল মৰিগাঁৱৰ এজন যুৱকৰ। গুৱাহাটীৰ পৰা জাগীৰোড অভিমুখী মিনি ট্ৰাকে মহতিয়ালে একে দিশে গৈ থকা বাইক আৰোহীক। বাইক খনত আছিল তিনিগৰাকী আৰোহী, তিনি গৰাকীৰ এগৰাকী আৰোহীৰ অৱস্থা সংকটজনক।
আহত যুৱক তিনিজনক মৰিগাঁৱৰ ৰোহন দাস(২০), অখিল দাস(১৯) আৰু ভাস্কৰ দাস (১৮) । তিনিওগৰাকী যুৱকৰে ঘৰ মৰিগাঁৱত। ইতিমধ্যে ঘটনাস্থলীত ক্ষেত্ৰী যান-বাহন আৰক্ষী উপস্থিত হৈ আহত সকলক ততাতৈয়াকৈ জাগীৰোডৰ নখোলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসালয়ত ৰোহন দাসক মৃত ঘোষণা কৰে।
আনহাতে দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখন জব্দ কৰে ক্ষেত্ৰী যান-বাহন আৰক্ষীয়ে। দুৰ্ঘটনাগ্ৰস্ত বাইক খনৰ নম্বৰ এএছ ০১ জিএইছ ৮০২২ আৰু দুৰ্ঘটনাগ্ৰস্ত ট্ৰাক খনৰ নম্বৰ এএছ ০১ পিচি ০৫৩১।
হিন্দুস্থান সমাচাৰ / Narayan Kar
