লক্ষীমপুৰ, ২৯ ডিচেম্বৰ (হি.স.): সমাগত ইংৰাজী নৱবৰ্ষ ২০২৬ ৷ নৱবৰ্ষক আদৰাৰ সমান্তৰালভাৱে ২০২৫ ৰ অন্তিমটো দেওবাৰে বিভিন্ন বনভোজ দলে কাছজুলিৰ বিভিন্ন বনভোজ স্থলিত ভিৰ কৰা পৰিলক্ষিত হয় ৷
লালুকৰ সমীপৰ অসম অৰুণাচল প্ৰদেশ সীমান্তত বিভিন্ন অঞ্চলৰ পৰা ভিন্ন জনে একেলগে আনন্দৰে এসাজ খোৱাৰ মনেৰে উপস্থিত বহু বনভোজ দল ৷ বনভোজ স্থলিত উপস্থিত হোৱা ল’ৰা ছোৱালীয়ে জুবিন গাৰ্গৰ গীত গাই প্ৰাণৰ শিল্পী গৰাকীক স্মৰণ কৰা পৰিলক্ষিত হয় ৷ সেমেকা বতৰ সত্ত্বেও বহু সংখ্যক বনভোজৰ দল উপস্থিত হোৱা পৰিলক্ষিত হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
