
নগাঁও, ১৩ নৱেম্বৰ (হি.স.): ঝাৰখণ্ডত আই ই ডি বিস্ফোৰণত শ্বহীদ হোৱা কামপুৰ কুঁৱৰীআটিৰ চি আৰ পি এফৰ জি ডি হাবিলদাৰ মহেন্দ্ৰ লস্কৰৰ নশ্বৰদেহ নিজা বাসগৃহ কামপুৰ আহি পোৱাৰ লগে লগে সমগ্ৰ কামপুৰ অঞ্চলত শোকাকুল পৰিৱেশে বিৰাজ কৰে । কঠিয়াতলীৰ পৰা যোৱা কালি বুধবাৰে বিয়লি শ্বহীদ মহেন্দ্ৰ লস্কৰৰ নশ্বৰদেহ সমদল কৰি লৈ অনা হয় বাসগৃহলৈ।
শ্বহীদগৰাকীকৈ জিলা প্ৰশাসন, স্থানীয় প্ৰশাশন, নগাঁও জ্যেষ্ঠ আৰক্ষী অধীক্ষক, কামপুৰৰ বিভিন্ন দল সংগঠনে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। পত্নী আৰু পৰিয়ালৰ লোকে শ্বহীদ গৰাকীৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছত ২১ জাই টোপ ধ্বনি দি সামৰিক মৰ্যদাৰে শ্বহীদ মহেন্দ্ৰ লস্কৰক শেষকৃত্য সম্পন্ন কৰা হয়। অন্ত্য়েষ্টিক্ৰিয়াস্থলীত উপস্থিত থকা চি আৰ এফৰ বিষয়া গৰাকীয়ে মন্তব্য কৰে যে শ্বহীদ মহেন্দ্ৰ লস্কৰে দেশৰ বাবে দিয়া ত্যাগক সদায় মনত ৰাখিব দেশবাসীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
