
ডিব্ৰুগড়, ২৬ অক্টোবৰ (হি.স.): ডিব্ৰুগড় জিলাৰ মৰাণৰ চেপনত যোৱা কালি শনিবাৰে সন্ধিয়া সদৌ টাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছুৱে বৃহৎ জোঁৰ সমদল বাহিৰ কৰে৷ চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল হৈ পৰে চেপনৰ আকাশ বতাহ ৷ জোঁৰ সমদল বাহিৰ কৰি সাব্যস্ত কৰিছে প্ৰতিবাদ ৷
আটাছু’ৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আৰু চেপনবাসী ৰাইজৰ সহযোগত এই জোঁৰ সমদল বাহিৰ কৰা হয় । তাই আহোম জনগোষ্ঠীক জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ত্ব শাসন আৰু জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ দাবীত এই প্ৰতিবাদ কৰা হয়। চেপন ৰাজহুৱা খেলপথাৰৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি সমদল বাহিৰ কৰি চেপনত অন্ত পৰে এই প্ৰতিবাদ ৷ কেইবা সহস্ৰাধিক প্ৰতিবাদকাৰীৰ প্ৰতিবাদত উত্তাল হৈ পৰে চেপনৰ পৰিৱেশ ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
