
গোলাঘাট, ২৫ জুন (হি.স.): গোলাঘাট জিলাৰ বোকাখাতৰ পাণবাৰীস্থিত আৰক্ষী কেম্পলৈ যোৱাকালি মঙলবাৰে নিশা দুস্কৃতিকাৰীয়ে গ্ৰেনেড নিক্ষেপ কৰে। এই ঘটনাত আহত হয় ৩ আৰক্ষী জোৱান।
আহত আৰক্ষী জোৱান সকল হৈছে ক্ৰমে সিদ্ধাৰ্থ বৰবৰা, সুশীল ভূমিৰ আৰু মিন্টু হাজৰিকা। তিনিও গৰাকীকে বোকাখাত শ্বহীদ কমালা মিৰি অসামৰিক চিকিৎসালয়লত চিকিৎসা প্ৰদান কৰি থকা হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
