
মৰিগাঁও, ২৯ ডিচেম্বৰ (হি.স.): মৰিগাঁও জিলাৰ জাগীৰোডৰ নেলীত যোৱা কালি দেওবাৰে সন্ধিয়া সদৌ তিৱা ছাত্ৰ সন্থাই জোঁৰ সমদল বাহিৰ কৰে। তিৱা স্বায়ত্ব পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ত্ব শাসন প্ৰদান কৰা, জাতি-ধৰ্ম নিৰ্বিশেষে ট্রাইবেল বেল্ট ব্লকত অবৈধ বেদখলকাৰীক উচ্ছেদ কৰা, গোভাত ভাৰতীয় বায়ু সেনাৰ অস্ত্ৰ ভাণ্ডাৰ ঘাটি নিৰ্মাণ কৰাৰ ষড়যন্ত্ৰ বন্ধ কৰা, জাগীৰোড টাউনশ্বিপ গঠনৰ সিদ্ধান্ত বাতিল কৰা, তিৱা স্বায়ত্ত্ব পৰিষদত সংঘটিত দুৰ্নীতিৰ তদন্ত কৰা, পৰিষদীয় নিৰ্বাচন সময়মতে অনুষ্ঠিত কৰাৰ লগতে আন কেবাটাও দাবীৰে এই জোঁৰ সমদল উলিয়ায়।
চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে সমগ্ৰ নেলী অঞ্চল। অতি শীঘ্ৰে দাবী সমূহ পূৰণ নকৰিলে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ছাত্ৰ সংগঠনটোৱে ৷ কেইবা শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰা এই সমদল প্ৰায় ৫ কিলোমিটাৰ পথ সামৰি লয় ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
