নতুন দিল্লী, ২৬ ডিচেম্বৰ ২০২৫:
দিল্লীত বৃদ্ধি পোৱা বায়ু প্ৰদূষণ আৰু যানজঁট কমাবলৈ দিল্লী চৰকাৰে এক বিস্তৃত পৰিবহণ ৰোডমেপ ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ নেতৃত্বত চৰকাৰে স্পষ্ট কৰি দিছে যে নগৰত চলা বাহনৰ সংখ্যা কমাব নোৱাৰিলে প্ৰদূষণ নিয়ন্ত্ৰণ সম্ভৱ নহয়। সেইকাৰণে শ্বেয়াৰ্ড মোবিলিটি, ইলেক্ট্ৰিক বাহন আৰু বাহনৰ ফিটনেছ পৰীক্ষাক বিশেষ গুৰুত্ব দিয়া হৈছে।
পৰিবহণ নীতিৰ বিষয়ে ক’বলৈ গৈ মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰৰ মুখ্য লক্ষ্য হৈছে—কম বাহনত অধিক যাত্ৰী যাত্ৰা কৰা। ইয়াৰ ফলত যানজঁট হ্ৰাস পাব, ইন্ধন সঞ্চয় হ’ব আৰু বায়ু প্ৰদূষণ যথেষ্ট পৰিমাণে কমিব। শ্বেয়াৰ্ড টেক্সি আৰু ইলেক্ট্ৰিক বাহনৰ ব্যৱহাৰে এই লক্ষ্য পূৰণত সহায় কৰিব।
এই লক্ষ্যৰে দিল্লী চৰকাৰে ওলা, উবাৰ আদি ট্ৰান্সপ’ৰ্ট নেটৱৰ্ক কোম্পানীৰ সৈতে আলোচনা চলাই আছে। শীঘ্ৰেই এখন বিশেষ বৈঠক অনুষ্ঠিত হ’ব, য’ত শ্বেয়াৰ্ড ৰাইড সেৱা বিস্তাৰ, মহিলা চালকৰ সংখ্যা বৃদ্ধি আৰু পৰিৱেশ-বান্ধৱ পৰিবহণ সেৱা উন্নত কৰাৰ বিষয়ে আলোচনা হ’ব।
মুখ্যমন্ত্ৰীয়ে জনালে যে ক’ভিডৰ আগতে দিল্লীত শ্বেয়াৰ্ড টেক্সি সেৱা চলি আছিল যদিও পাছত বন্ধ হৈ পৰিছিল। এতিয়া এই সেৱাসমূহক অধিক সংগঠিত আৰু দীৰ্ঘমেয়াদী ৰূপত পুনৰ আৰম্ভ কৰাৰ পৰিকল্পনা কৰা হৈছে। লগতে ব্যক্তিগত ইলেক্ট্ৰিক বাহনক টেক্সি সেৱাৰ সৈতে সংযোগ কৰাৰ সম্ভাৱনাও পৰ্যালোচনা কৰা হৈছে।
মহিলাৰ সুৰক্ষা আৰু কৰ্মসংস্থাপনক গুৰুত্ব দি মুখ্যমন্ত্ৰীয়ে কয় যে টেক্সি সেৱাত মহিলা চালকৰ সংখ্যা বৃদ্ধি কৰাটো চৰকাৰৰ অগ্ৰাধিকাৰ। ইয়াৰ ফলত মহিলাসকলৰ বাবে সুৰক্ষিত যাত্ৰা নিশ্চিত হ’ব আৰু নতুন কৰ্মসংস্থাপনৰ সুযোগো সৃষ্টি হ’ব।
বাহনৰ পৰা সৃষ্টি হোৱা প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ দিল্লী চৰকাৰে স্বয়ংক্ৰিয় বাহন ফিটনেছ পৰীক্ষা কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰিছে। ঝুলঝুলি কেন্দ্ৰ ইতিমধ্যে কাৰ্যকৰী হৈ আছে, য’ত বছৰি প্ৰায় ৭০ হাজাৰ বাহনৰ পৰীক্ষা কৰিব পৰা যায়। বুৰাৰী কেন্দ্ৰটো উন্নীত কৰা হৈছে আৰু নন্দ নগৰী আৰু তেখণ্ডত দুটা নতুন কেন্দ্ৰ নিৰ্মাণাধীন আছে, যি অহা বছৰৰ মাৰ্চত কাৰ্যকৰী হ’ব। এই চাৰিটা কেন্দ্ৰ মিলি বছৰি প্ৰায় ২.৫ৰ পৰা ৩ লাখ বাহনৰ ফিটনেছ পৰীক্ষা কৰিব পাৰিব।
ইয়াৰ উপৰিও দিল্লী ট্ৰান্সপ’ৰ্ট কৰ্পোৰেশ্বন (DTC) ৰ ডিপোসমূহত আৰু পাঁচটা স্বয়ংক্ৰিয় ফিটনেছ পৰীক্ষা কেন্দ্ৰ স্থাপনৰ অনুমোদন দিয়া হৈছে। এই কেন্দ্ৰসমূহ বাওয়ানা, গাজীপুৰ, সাৱদা ঘেভৰা, GTK ডিপো আৰু দিচাউ কলানত স্থাপন কৰা হ’ব। সকলো প্ৰয়োজনীয় অনুমতি ইতিমধ্যে লাভ কৰা হৈছে।
মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে বিভিন্ন গৱেষণাৰ পৰা স্পষ্ট হৈছে যে দিল্লীৰ বায়ু প্ৰদূষণৰ প্ৰধান কাৰণ হৈছে বাহনৰ পৰা নিৰ্গত ধোঁৱা। সেইবাবে চৰকাৰে ৰাজহুৱা পৰিবহণ ব্যৱস্থাক অধিক শক্তিশালী কৰি তুলিবলৈ গুৰুত্ব দিছে। মেট্ৰো, বাছ আৰু ইলেক্ট্ৰিক বাহনসমূহেই দিল্লীৰ দীৰ্ঘমেয়াদী পৰিবহণ নীতিৰ মূল আধাৰ।
দিল্লী মেট্ৰোৰ ফেজ–৫এৰ কেইটামান পথক কেন্দ্ৰীয় চৰকাৰে নীতিগত অনুমোদন দিছে, যাৰ ফলত মেট্ৰো নেটৱৰ্ক অধিক বিস্তৃত হ’ব আৰু ব্যক্তিগত বাহনৰ ওপৰত নিৰ্ভৰতা কমিব।
মুখ্যমন্ত্ৰীয়ে কয় যে মেট্ৰো বিস্তাৰে যানজঁট হ্ৰাস কৰাৰ লগতে প্ৰদূষণ নিয়ন্ত্ৰণত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব।
“শক্তিশালী ৰাজহুৱা পৰিবহণ ব্যৱস্থাই ৰাস্তাত বাহনৰ সংখ্যা হ্ৰাস কৰাৰ আটাইতকৈ কার্যকৰী উপায়,” তেওঁ কয়।
শেষত মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে কেৱল স্বল্পমেয়াদী ব্যৱস্থা যথেষ্ট নহয়; ইয়াৰ বাবে দীঘলীয়া আৰু সমন্বিত নীতি প্ৰয়োজন। পৰিবহণ সংস্কাৰৰ লগতে ধূলি নিয়ন্ত্ৰণ, নিৰ্মাণস্থলৰ কড়া নিৰীক্ষণ, যান্ত্ৰিক পথ পৰিষ্কাৰ, খোলা ঠাইত কচৰা জ্বলোৱা নিষিদ্ধকৰণ আৰু প্ৰদূষিত অঞ্চলত মিষ্ট স্প্ৰে আৰু এণ্টি-স্মগ গান ব্যৱহাৰ কৰা হৈছে।
তেওঁ লগতে কয় যে সকলো সম্পৰ্কিত বিভাগ একেলগে কাম কৰি আছে যাতে এই সকলো ব্যৱস্থা সফলভাৱে ৰূপায়ণ হয়। দিল্লীবাসীক পৰিষ্কাৰ বায়ু, সৰল যাতায়াত আৰু টেকসই নগৰ পৰিৱেশ প্ৰদান কৰাই চৰকাৰৰ মুখ্য লক্ষ্য।
