মানকাচাৰ, ৩১ অক্টোবৰ (হি.স.)। দক্ষিণ শালমাৰা মানকাচাৰ জিলাখনৰ অধিকাংশ লোকেই কৃষিৰ ওপৰত নিৰ্ভৰশীল। এইক্ষেত্ৰত জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ। জিলাখনৰ কৃষক ৰাইজৰ সুবিধাৰ্থে ৰাজ্য চৰকাৰৰ উদ্যোগত আৰু কৃষি সঞ্চালকালয়ৰ সহযোগত জিলা কৃষি বিভাগে সময়ে সময়ে বিভিন্ন আঁচনিৰ অধীনত কৃষক ৰাইজক যোগান ধৰি আহিছে বীজ, সাৰ, মেচিনাৰী সামগ্ৰী, পাৱাৰ টিলাৰ, ট্ৰেক্টৰ ইত্যাদি।
উক্ত সামগ্ৰী সমূহৰ সধিক ৰূপায়ন আৰু তাৰ উচিত ব্যৱহাৰ সন্দৰ্ভত বিভিন্ন তথ্য পাতি তন্নতন্নকৈ চোৱা চিতা কৰে ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ সহকাৰী গৱেষক বিষয়া দিগন্ত বৰুৱাই। লগতে জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত জিলা কৃষি বিষয়া মাইনুল হকৰ উপস্থিতিত কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাতো মিলিত হয় ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ সহকাৰী গবেষক বিষয়া দিগন্ত বৰুৱাই। জিলাখনৰ বিভিন্ন স্থানত থকা আঁচনি সমূহ চাবলৈ যোৱা সময়ত দিগন্ত বৰুৱাক সংগ দিয়ে জিলা কৃষি বিষয়া মাইনুল হক, কৃষি উন্নয়ন বিষয়া মিঠু গগৈ, মিডিয়া বিশেষজ্ঞ হীৰক জ্যোতি শৰ্মাৰ লগতে কৃষি বিভাগৰ আন বিষয়া কৰ্মচাৰীসকলে।
হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.
