কামৰূপ, ৩০ জুন (হি.স.): কামৰূপ জিলাৰ ২৭ নং ছমৰীয়া সমষ্টিত অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ আমান ওৱাদুদৰ মত বিনিময় ৰাজহুৱা সভা অনুষ্ঠিত হয়। আগন্তুক ২০২৬ চনত বিধানসভাৰ নিৰ্বাচনৰ মাজত মাত্ৰ কেইটা মাহ বাকী, তাৰ মাজতে ভোটাৰ ৰাইজৰ লগত চা-চিনাকি হৈ মত বিনিময় কৰে। ২৭ নং ছমৰীয়া বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ দলৰ টিকট প্ৰত্যাশি অধিবক্তা আমান ওৱাদুদ।
ইতিমধ্যে অধিবক্তা আমান ওৱাদুদৰ সৎ সাহকিতা নিকা ভাব মূৰ্তি আৰু শক্তিশালী কন্ঠৰ বাবে জনতাই বিপুল সঁহাৰি জনাইছে। যোৱা কালি দেওবাৰে সন্ধিয়া জোৰশিমুলী গাঁৱত জোৰশিমুলী অঞ্চলৰ জ্যেষ্ঠ মুৰব্বী তথা স্থানীয় যুৱক সকলৰ লগত অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আমান ওৱাদুদে এই মত বিনিময় কৰে। এই সভাত উপস্থিত থাকি ৰাইজৰ লগত মত বিনিময় কালত কয় আমাৰ সংবিধান ৰক্ষাৰ কাৰণে, আমাৰ অধিকাৰ কাৰণে, আমাৰ সন্মানৰ কাৰণে, আমাৰ কৰণে যুঁজ দিব পৰা এজন প্ৰতিনিধি হ’ব লাগিব আৰু আমি সকলে আমাৰ সমষ্টিৰ কাৰণে তাকেই যোগ্য বুলি বিবেচনা কৰিব লাগে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
