নতুন দিল্লী, ৩০ জুন (হি.স.)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আজি আৰু কাইলৈ (৩০ জুন – ১ জুলাই) উত্তৰ প্ৰদেশৰ বৰেলী আৰু গোৰখপুৰ ভ্ৰমণলৈ যাব । এই সময়ছোৱাত তেওঁ বিভিন্ন শিক্ষা আৰু স্বাস্থ্য প্ৰতিষ্ঠানৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আৰু বহু উন্নয়নমূলক কাম আৰম্ভ কৰিব। ইয়াৰ উপৰিও আজি উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে ৰাজস্থান ভ্ৰমণলৈ যাব। এই তথ্য ভাৰত চৰকাৰৰ প্ৰেছ এণ্ড ইনফৰ্মেশ্যন অফিচ (পি আই বি)ৰ প্ৰেছ বিজ্ঞপ্তিযোগে দিয়া হৈছে।
পিআইবিৰ তথ্য অনুসৰি আজি বৰেলীত ভাৰতীয় পশু চিকিৎসা গৱেষণা প্ৰতিষ্ঠান (আইভিআৰআই)ৰ একাদশ সমাৱৰ্তনৰ সভাপতিত্ব কৰিব ৰাষ্ট্ৰপতি মুৰ্মুৱে। ইয়াৰ পিছত তেওঁ গোৰখপুৰলৈ যাব। তাত তেওঁ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স (এইমছ) গোৰখপুৰৰ প্ৰথম সমাৱৰ্তন অনুষ্ঠানতো ভাষণ দিব।
বিবৃতিটোত কোৱা হৈছে যে অহা ১ জুলাইত গোৰখপুৰত মহাযোগী গুৰু গোৰখনাথ আয়ুষ বিশ্ববিদ্যালয় উদ্বোধন কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে। ইয়াৰ উপৰিও মহাযোগী গোৰখনাথ বিশ্ববিদ্যালয় পৰিদৰ্শন কৰিব, য’ত তেওঁ বিশ্ববিদ্যালয়খনৰ প্ৰেক্ষাগৃহ, একাডেমিক ব্লক আৰু পঞ্চকৰ্ম কেন্দ্ৰ উদ্বোধন কৰিব। লগতে নতুন হোষ্টেল (গাৰ্লছ হোষ্টেল)ৰ আধাৰশিলা স্থাপন কৰিব।
ইফালে পিআইবিৰ তথ্য অনুসৰি আজি ৰাজস্থানৰ ৰাজধানী জয়পুৰ ভ্ৰমণ কৰিব উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে। এই সময়ছোৱাত তেওঁ জয়পুৰৰ ৰাজস্থান কনষ্টিটিউচন ক্লাবত আয়োজিত ‘স্নেহ মিলন সমাৰোহ’ত অংশগ্ৰহণ কৰিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
