
তামুলপুৰ, ২৬ ডিচেম্বৰ (হি.স.)। তামুলপুৰ জিলাৰ চেঁচাপানীত হাতী-মানুহৰ সংঘাত সন্দৰ্ভত সজাগতামূলক সভা অনুষ্ঠিত কৰা হয়।
তামুলপুৰ জিলা প্ৰশাসন আৰু বাক্সা বন সংমণ্ডলৰ উদ্যোগত আজি অনুষ্ঠিত কৰা হয় সজাগতামূলক সভাখনত। সভাখনত তামুলপুৰ জিলাৰ আয়ুক্ত পংকজ চক্ৰৱৰ্তী, বন বিষয়া প্ৰদীপ কুমাৰ ভূঞা সহ কেইবাটাও স্বেচ্ছাসেৱী সংস্থাৰ বিষয়ববীয়াই হাতী-মানুহৰ সংঘাত দূৰীকৰণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে।
উক্ত সভাতে হাতী-মানুহৰ সংঘাতৰ বিশেষভাৱে চিনাক্তকৰণ কৰা কেইবাখনো গাৱঁৰ ৰাইজৰ মাজত বন বিভাগৰ তৰফৰ পৰা উন্নতমানৰ টৰ্চ লাইট বিতৰণ কৰা হয়। উক্ত সভাখনত হাতী-মানুহৰ সংঘাত দূৰীকৰণৰ বাবে হাতীৰ খাদ্যৰ বাবে খেতি কৰা তথা ভাৰত-ভূটান সীমান্তৰ অঞ্চলসমূহত অধিক মাত্ৰাত গছপুলি ৰোপণৰ বাবে আলোচনা কৰা হয়।
ইয়াৰোপৰি বনৰীয়া হাতীৰ উপদ্ৰৱত নষ্ট হোৱা ধান খেতিৰ ক্ষতিপূৰণ তথা হাতীৰ আক্ৰমণত নিহত লোকৰ পৰিয়ালক চৰকাৰৰ তৰফৰ পৰা ক্ষীপ্ৰতাৰে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হব বুলিও আজিৰ এই সভাত ৰাইজক জানিবলৈ দিয়ে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
