














































কামৰূপ, ১২ ডিছেম্বৰ ( হি স )। ৰঙিয়াত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ আগন্তুক ৯৩ সংখ্যক অধিৱেশনৰ প্ৰস্তুতি তুংগত উঠিছে। অধিৱেশনত উপস্থিত হ’ব লক্ষ লক্ষ বাপ-বান্ধৱ, আই-মাতৃ তথা ভক্তপ্ৰাণ ৰাইজ ৷ ৰঙিয়া জিলাৰ আতিথ্যত অনুষ্ঠিত হ’বলগীয়া অধিৱেশনৰ মহাআয়োজনত সকলোকে আতিথ্য আগবঢ়াবলৈ বৃহত্তৰ ৰঙিয়াৰ জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলো একত্ৰিতভাবে সক্ৰিয় হৈ উঠিছে। এই অনুষ্ঠানটোৰ প্ৰতি উদ্বুদ্ধ হৈ অধিৱেশনৰ লগত সংগতি ৰাখি ৰঙিয়াৰ যুৱ সমাজকৰ্মী অৰূপ কুমাৰ দাসেও নিজৰ কথা আৰু সুৰেৰে ভক্তিমূলক গীত বাণীৱদ্ধ কৰাৰ প্ৰস্তুতি চলাইছে ।
ৰঙিয়াৰ চিফুং স্বৰগম ষ্টুডিঅ’ত বাণীৱদ্ধ কৰা গীতটিত কণ্ঠদান কৰিছে অৰূপ কুমাৰ দাসে নিজেই আৰু সহযোগী হিছাপে কণ্ঠদান কৰিছে কল্যাণী ডেকাই ৷ সমুহ ভক্ত প্ৰাণ শ্ৰোতা দৰ্শকে গীতটি আদৰি লোৱাৰ আশা ব্যাক্ত কৰিছে শিল্পী গৰাকীয়ে ।
হিন্দুস্থান সমাচাৰ/নিৰ্মলেন্দু/মনোজ
