চিৰাঙ,১৯ জানুৱাৰী (হি.স.)। চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ চিৰাং-ৰিপু সংৰক্ষিত বনাঞ্চলত ৰুণীখাতা বনাঞ্চলিক বিষয়া প্ৰাঞ্জল তালুকদাৰক চোৰাং কাঠ মাফিয়াৰ দলবদ্ধ আক্ৰমণ। বন মাফিয়াৰ দলবদ্ধ আক্ৰমণত গুৰুতৰ ভাৱে আহত বনাঞ্চলিক বিষয়া প্ৰাঞ্জল তালুকদাৰ ।
আহত বনাঞ্চলিক বিষয়া জন বৰ্তমান বঙাইগাঁও চহৰৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে । জানিব পৰা মতে সংৰক্ষিত বনাঞ্চলৰ লাওপানী অঞ্চলত বন জঙ্ঘল ধ্বংস কৰি ভুমি বেদখল কৰি থকাৰ সময়ত বাধা প্ৰদান কৰিছিল বনাঞ্চলিক বিষয়া প্ৰাঞ্জল তালুকদাৰে। বনাঞ্চলিক বিষয়া জনক ইয়াৰ পুৰ্বতেও বন মাফিয়াৰ দলে আক্ৰমণ কৰিছিল । ঘটনাক কেন্দ্ৰ কৰি জিলা খনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/ৰমেন/আলোক.
