যোৰহাট, ১৩ জুলাই (হি.স.)। ৰাজ্য চৰকাৰে চৰকাৰী চাকৰি মেধা আৰু যোগ্যতাৰ ভিত্তিত দি আহিছে যদিও এচাম দালাল আৰু মধ্য ভোগীয়ে চাকৰিৰ নামত ধন তুলি আহিছে। এনে দালাল চক্ৰই বিভিন্ন বিভাগত নিযুক্তিৰ নামত ভুৱা নিযুক্তি পত্ৰ দি টকা তুলি অহাৰ তথ্য পোহৰলৈ আহিছে।
যোৰহাটত এসময়ত জিলা কৃষি বিষয়া হিচাপে কায্য নিৰ্বাহ কৰা আৰু গোলাঘাটৰ পৰা যোৱা ৩১ ডিচেম্বৰ ২০২৪ চনত অৱসৰ গ্ৰহণ কৰা ডঃ নিতুমনি গগৈৰ নামত চহী কৰা ভুৱা নিযুক্তি পত্ৰ তিনিজনক প্ৰদান কৰে। উল্লেখযোগ্য যে ভুৱা নিযুক্তি পত্ৰত তাৰিখ উল্লেখ আছে ১২/৭/২৫ । ভুৱা নিযুক্তি পত্ৰ লাভ কৰা কেইজন হৈছে তেজপুৰৰ অনুপম কলিতা, গোলাঘাটৰ ৰাজশ্ৰী ভূঞা আৰু শিৱসাগৰ নাইনা বেগম। ইতিমধ্যে অৱসৰপ্ৰাপ্ত কৃষি বিষয়া ডঃ নিতুমনি গগৈয়ে বিষয়টো সন্দৰ্ভত এই তিনিজনৰ বিৰুদ্ধে যোৰহাট সদৰ থানাত এজাহাৰ দাখিল কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
