গুৱাহাটী, ২৭ ছেপ্তেম্বৰ(হি.স.)। অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখা (চিআইডি) কাৰ্যালয়ত আজি পুৱা আহি উপস্থিত হৈছে জুবিন গাৰ্গৰ সৈতে ছিংগাপুৰলৈ যোৱা তিনি শিল্পী। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ গোচৰত অব্যাহত আছে তদন্ত।
চিআইডি ৰ কাৰ্যালয়ত হাজিৰ হবলৈ জাননী প্ৰেৰণ কৰাৰ পিছত ঘটনাৰ অভিযুক্ত শেখৰ জ্যোতি গোস্বামী, নিশিতা গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত কাৰ্যালয়ত আহি হাজিৰ হয়।
জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে অসম আৰক্ষীয়ে গঠন কৰা এছআইটিএ শুকুৰবাৰে চমন জাৰি কৰিছিল ছিংগাপুৰ ভ্ৰমণ কৰা জুবিনৰ তিনি সহযোগীক।
চিআইডি কাৰ্যালয়ত আজি শনিবাৰে পুৱা ১১ বজাত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল।আজি চিআইডি কাৰ্যালয়ত আহি উপস্থিত হৈছে তিনি শিল্পী।
জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত জেৰাৰ সন্মুখীন হ’ব তিনিও গৰাকী শিল্পী। চিআইডি ৰ কাৰ্যালয়ত বৰ্তমানো শিল্পী তিনি গৰাকীৰ জেৰা অব্য়াহত আছে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ
