-হেৰী কেনে ৰোনাল্ডো আৰু হালেণ্ডৰ অভিলেখ ভংগ কৰে
নতুন দিল্লী, ২৭ ছেপ্টেম্বৰ (হি.স.)। বায়াৰ্ন মিউনিখৰ তাৰকা ষ্ট্ৰাইকাৰ হেৰী কেনে শুকুৰবাৰে ক্লাবৰ হৈ ১০০ সংখ্যক গ’ল দি নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়। মাত্ৰ ১০৪খন মেচতে তেওঁ এই মাইলৰ খুঁটি অৰ্জন কৰি এই শতিকাত এটা ক্লাবৰ হৈ ১০০টা গ’ল দিয়া আটাইতকৈ দ্ৰুত খেলুৱৈ হিচাপে পৰিগণিত হয়।
এই অভিলেখেৰে কেনে ক্ৰমে ৰিয়েল মাদ্রিদ আৰু মানচেষ্টাৰ চিটিৰ হৈ ১০৫খন মেচত ১০০টা গ’ল দিবলৈ সক্ষম হোৱা ক্রিষ্টিয়ানো ৰোনাল্ডো আৰু আৰলিং হালেণ্ডক অতিক্রম কৰে৷
যোৱা সপ্তাহত হফেনহাইমৰ বিৰুদ্ধে ৪-১ গ’লত জয়লাভ কৰা ইংলেণ্ডৰ অধিনায়ক হেৰী কেনে শুকুৰবাৰে ৱাৰ্ডাৰ ব্ৰেমেনৰ বিৰুদ্ধে ৪৪ মিনিটত পেনাল্টিৰ জৰিয়তে বায়াৰ্ন মিউনিখক ২-০ গ’লত অগ্ৰগতি প্ৰদান কৰে। বুণ্ডেছলিগাত এইটোৱেই আছিল তেওঁৰ একেৰাহে ১৮ সংখ্যক সফল পেনাল্টি গ’ল, যাৰ ফলত তেওঁৰ অভিলেখ অব্য়াহত থাকে।
বায়াৰ্ন মিউনিচে ৱাৰ্ডাৰ ব্ৰেমেনক ৪-০ গ’লত পৰাস্ত কৰে, বাকী দুটা গ’ল দিয়ে জনাথন টাহ আৰু কনৰাড লাইমাৰে। এই ছিজনত বায়াৰ্নৰ হৈ এতিয়ালৈকে পাঁচখন খেলত ১০টা গ’ল দি বুণ্ডেছলিগাৰ আগশাৰীৰ গ’লদাতা ৩২ বছৰীয়া হেৰী কেনে ২০২৩ চনত টটেনহাম হটস্পাৰৰ পৰা বায়াৰ্ন মিউনিখত যোগদান কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
