নগাঁও, ১৭ ডিছেম্বৰ (হি.স.): নগাঁৱৰ পুৰণিগুদাম হাতীগাৱঁৰ বিশিষ্ট লেখিকা, সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়ত্ৰী তৰামাই বৰা শইকীয়াৰ শনিবাৰে আবেলি মৃত্যু হয়। বাদ্ধক্যজনিত কাৰণত নিজ বাসভৱনত মৃত্যু হয়। মৃত্য়ুৰ সময়ত তেখেতৰ ৮১ বছৰ বয়স হৈছিল।
তৰামাই বৰা শইকীয়াই হৰিনাম অমিয়া (প্ৰথম খণ্ড),ৰনং জিনঙৰ সাধু, মহাভাৰতৰ অনুপম কথা, ৰামায়ণৰ সাধু, পৌৰাণিক আখ্যান, অকণিৰ সাধু, হৰিনাম অমিয়া(২য় খণ্ড)কে ধৰি মুঠ ৮ খন গ্ৰন্থ প্ৰকাশ কৰি সাহিত্য জগতলৈ বহুমূলীয়া অৱদান আগবঢ়াই গৈছে ৷ বিশিষ্ট লেখিকা গৰাকীয়ে ৰচনা কৰা কেইবাখনো গ্ৰন্থ বৰ্তমানে অপ্ৰকাশিত ৰূপত আছে বুলিও পৰিয়ালৰ লোকে জানিবলৈ দিয়ে ৷ তৰামাই বৰা শইকীয়াই মৃত্যুৰ সময়ত দুই পুত্ৰ -বোৱাৰী , একমাত্ৰ কন্যা আৰু জোৱাই, নাতি নাতিনী সহ পৰিয়ালৰ বহু লোকক ইহসংসাৰত এৰি থৈ যায় ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
