
–স্থানীয় পট্টাদাৰ ৰাইজৰ মতামত নোলোৱাকৈ ব্যক্তিগত কোম্পানীক লাভাম্বিত কৰাৰ অভিযোগ বন বিভাগ আৰু প্ৰসাসনৰ বিৰুদ্ধে
ধুবুৰী, ০৭ নৱেম্বৰ (হি.স.): ধুবুৰী জিলা গৌৰীপুৰ গোলকগঞ্জত গংগাধৰ নদীৰ বালি খনন নিৰ্দেশক কেন্দ্ৰ কৰি উত্তেজনাৰ সৃষ্টি হৈছে। স্থানীয় পট্টাদাৰ ৰাইজৰ মতামত নোলোৱাকৈ ব্যক্তিগত কোম্পানীক লাভাম্বিত কৰাৰ অভিযোগ উঠিছে বন বিভাগ আৰু প্ৰসাসনৰ বিৰুদ্ধে। অসমৰ শ্ৰীৰামপুৰৰ পৰা মেঘালয়ৰ নংস্টেইন লৈ নিৰ্মাণ হ’ব লগিয়া ১২৭(বি) পথ নিৰ্মাণৰ আংশিক দায়িত্ব লাভ কৰা ঝাণ্ডু কনষ্ট্ৰাকচন কোম্পানী চৰকাৰী অৰ্ডাৰৰে গংগাধৰ নদীত বালি খনন কৰাৰ প্ৰচেষ্টাৰ বিৰুদ্ধে উত্তাল হৈ পৰিছে গোলকগঞ্জ।
উল্লেখযোগ্য যে বিগত বছৰ সমুহত চৰকাৰে কোটি কোটি টকা ব্যয় কৰাৰ পিছতো ধুবুৰী জিলাৰ গোলকগঞ্জৰ গংগাধৰ নৈৰ প্ৰবল গৰাখহনীয়া অব্যাহত আছে। ফলত ইতিমধ্যে কেইবাখনো গাওঁ বিলুপ্ত হোৱাৰ লগতে কেইবা হাজাৰ হেক্টৰ মাটি নৈ বুকুত জাহ গৈছে। যদিও বিগত বছৰত উক্ত গৰাখহনীয়াত জাহ যোৱা বহু মাটি পুনৰ ঘূৰি আহিবলৈ আৰম্ভ কৰিছে। উক্ত স্থানত পুনৰ খনন চলালে নৈ পৰীয়া ৰাইজ পুনৰ গৃহহাৰা হোৱাৰ আশংকা কৰিয়েই এই প্ৰতিবাদ কৰে। তদুপৰি চৰকাৰী নিৰ্দশমতে ভূ- তত্ত্ব উল্লেখ আছে যে কোনো যন্ত্ৰপাতি ব্যৱহাৰ কৰি উক্ত স্থানৰ পৰা মাটি কঢ়িওৱা নোৱাৰিব । তেনেক্ষেত্ৰত বৃহৎ বৃহৎ যন্ত্ৰ মাটি খনন বাবে উক্ত স্থানত আহি উপস্থিত হোৱাত ৰাইজ আতংকিত হৈ পৰিছে। আনকি উক্ত কামৰ ফলত নৈৰ গতি সলনি বা কাৰোবাৰ ক্ষতি হ’লে নিৰ্দেশনা বাতিল হৈ যাব বুলি উল্লেখ থকাৰ পিছতো কোনো ধৰণৰ ৰাজহুৱা সভা অনুষ্ঠিত নোহোৱাক লৈ ৰাইজৰ মাজত খোভৰ উৎগীৰন হৈছে। কিন্তু উক্ত নিৰ্দেশনা থকাৰ পিছতো ঝাণ্ড কনষ্ট্ৰাকচন কোম্পানীটোৱে ৰাইজৰ বাধা আওকাণ কৰি প্ৰশাসনৰ সহায় লৈ খনন কাৰ্য চলোৱাৰ চেষ্টা অব্যাহত ৰাখিছে বুলি ৰাইজে অভিযোগ কৰিছে।
ইতিমধ্যে উক্ত অন্যায়ৰ প্ৰতিবাদ কৰা ৰাইজক কোম্পানী কৰ্তৃপক্ষই ভয় ভাবুকিও প্ৰদান কৰাৰ অভিযোগত ৰাইজে গোলকগঞ্জ থানাত এখন এজাহাৰ দাখিল কৰিছে। এতিয়া ৰাইজৰ প্ৰশ্ন চৰকাৰী বন বিভাগ তথা প্ৰসাসনে গোলকগঞ্জ চহৰলৈ ভাবুকি কঢ়িয়াই অনা এনে কামত বহি ৰাজ্যৰ কোম্পানীক কিহৰ বাবে সহায় কৰিছে আৰু স্থানীয় দল সংগঠন উক্ত বিষয়ত কিয় নীৰৱতা পালন কৰি আছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
