শিৱসাগৰ, ২১ জানুৱাৰী(হি.স.)। ১৯৫৬ চনতে প্ৰতিষ্ঠা হোৱা শিৱসাগৰ বেতবাৰী মৌজাস্থিত বাঁহগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে। অহা অক্টোবৰ মাহত অনুষ্ঠিত হবলগীয়া প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহৰ লগত সংগতি ৰাখি আজি বিদ্যালয় খনত ৰূপায়ন কৰা হয় কেইবাটাও কাৰ্যসূচী। বিদ্যালয় খনৰ পৰা ১৯৯৩ চনত মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকলৰ গোট বান্ধৈ ১৯৯৩ ৰ সহযোগত সমাৰোহ সমিতিয়ে অনুষ্ঠিত কৰে উদ্বোধনী অনুষ্ঠান। এই উপলক্ষে পুৱা পতাকা উত্তোলন কৰে বাঁহগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পৱন চেতিয়া আৰু প্ৰাক্তন শিক্ষক ভূৱন দিহিঙ্গীয়াই। ইয়াৰ পিছতে প্ৰাক্তন ছাত্ৰ, শিক্ষক গিৰিণ শইকীয়া, ৰণজিৎ ফুকন, লাৱন্য সন্দিকৈয়ে স্মৃতি তৰ্পণ কৰে।
তদুপৰি শিক্ষাগুৰু সকলক বান্ধৈ ১৯৯৩ গোটে শিক্ষাগুৰু সকলক গায়ন বায়নেৰে আদৰণি জনাই আশীৰ্বাদ গ্ৰহণ কৰে। ইপিনে সমাৰোহৰ সৈতে সংগতি ৰাখি শিৱসাগৰ জিলা ভিত্তিত ছাত্ৰ ছাত্ৰী সকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। চিত্ৰাংকন প্ৰতিযোগিতাৰ পিছতে বৃহত্তৰ অসমীয়া সমাজ গঠনত শিক্ষকৰ ভূমিকা শীৰ্ষক বক্তৃতা প্ৰদান কৰে ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক অখিল বৰগোহাঁইয়ে। অহা অক্টোবৰ মাহত প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ সম্পন্ন হোৱালৈকে মাজে মাজে বিভিন্ন বেষ্টৰ ছাত্ৰ ছাত্ৰী সকলে এনে ধৰণৰ কাৰ্যসূচী ৰূপায়ন কৰি যাব বুলি সদৰি কৰিছে উদ্যোক্তা সকলে। ইপিনে আজি বান্ধৈ ১৯৯৩ ৰ সদস্য সকলে বিদ্যালয় খনৰ সৈতে জৰিত স্কুলীয়া জীৱনৰ স্মৃতি সোঁৱৰি আৱেগিক হৈ পৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/মনোজ
