ডিব্ৰুগড়, ২৭ ডিচেম্বৰ (হি.স.)। ডিব্ৰুগড় চহৰৰ কদমনী পথৰ নিবাসী ৰঞ্জিত গোপ আৰু মনীষা গোপৰ কনিষ্ঠ কন্যা বৰ্ষা গোপ বিগত ২৫/১১/২০২৫ তাৰিখে নিজৰ কৰ্মস্থলীৰ পৰা ঘৰলৈ ভাত খাৱলৈ বুলি গৈছিল আৰু তেতিয়াৰ পৰাই সন্ধানহীন হৈ আছে বৰ্ষা গোপ নামৰ যুৱতী গৰাকী। অতি দৰিদ্ৰ পৰিয়ালৰ কন্যা বৰ্ষাৰ বিষয়ে ডিব্ৰুগড় আৰক্ষী প্ৰশাসনে কোনো ধৰণৰ সুং-সূত্ৰ উলিয়াব নোৱাৰিলে এমাহ দিন ধৰি। এতিয়া দুখত ভাঙি পৰিছে যুৱতী গৰাকীৰ পিতৃ মাতৃ।
আৰক্ষী প্ৰশাসনৰ কাষ চাপিও কোনো ধৰণৰ সুদুত্তৰ পোৱা নাই পিতৃ মাতৃয়ে আৰু আজি পুনৰ বাৰ উপ আৰক্ষী অধীক্ষক গৰাকীক লগ ধৰি ক্ষোভ ব্যক্ত কৰি কয় ডিব্ৰুগড় এখন দ্বিতীয় মহানগৰ ।এই মহানগৰৰ চাৰিও ফালে চি চি কেমেৰা লগাই থোৱা আছে থিকেই কিন্তু সকলো বিলাক কেমেৰা বিকল হৈ আছে। বাৰে বাৰে আৰক্ষী প্ৰশাসনৰ কাষ চপাৰ পাছতো কোনোধৰণৰ সন্ধান পোৱা নাই যুৱতী গৰাকীৰ। কেৱল মাত্ৰ আশ্বাস প্ৰদান কৰিয়ে দায়িত্ব সামৰিছে বুলি নিজৰ ক্ষোভ ব্য়ক্ত কৰিছে। বৰ্তমান ডিব্ৰুগড়ত সৰ্বত্ৰে চৰ্চিত স্মাৰ্ট আৰক্ষীয়ে এগৰাকী সাধাৰণ যুৱতীৰ এমাহ দিন ধৰি সন্ধান উলিয়াব নোৱাৰে তেনে আৰক্ষীৰ পৰা কি আশা কৰিব পাৰে সাধাৰণ জনতাই।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
