
গোৱালপাৰা, ২০ জানুৱাৰী (হি.স.)। বিগত কিছুদিনৰ পৰা গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলত চৰকাৰী ভুমিত থকা বেদখল উচ্চেদ প্ৰক্ৰিয়া অব্যাহত আছে। শেহতীয়াকৈ গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ কুমাৰখালী সংৰক্ষিত বনাঞ্চল এলেকাত প্ৰশাসনৰ উচ্ছেদ অভিযান আৰম্ভ কৰা হৈছে।
সংৰক্ষিত বনাঞ্চল খনৰ প্ৰায় ৫০ হেক্টৰ ভূমিত উচ্ছেদ অভিযান চলিব বুলি জনা গৈছে। প্ৰশাসনৰ উপস্থিতিত ১০ খন এক্সেভেটৰৰ সহায়ত ইতিমধ্যে সংৰক্ষিত বনাঞ্চলৰ ইটাখুলীত আৰম্ভ হৈছে উচ্ছেদ অভিযান।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/ৰমেন/মনোজ
