আগৰতলা, ২০ জানুৱাৰী (হি.স.)। ত্ৰিপুৰাত মাদক দ্ৰব্য বিৰোধী অভিযান চলাই থকাৰ সময়তে ধলাই আৰক্ষীয়ে উদ্ধাৰ কৰিছে বিপুল পৰিমাণৰ গাঞ্জা। এই গোচৰত এজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
আৰক্ষীৰ তথ্য অনুসৰি শ্ৰীৰামপুৰ চেক পোষ্টৰ সমীপত তালাচীৰ সময়ত এখন বাহনৰ পৰা ৩৩ পেকেট গাঞ্জা উদ্ধাৰ কৰা হয়। পেকেটসমূহৰ পৰা মুঠ ২৭.৮ কেজি গাঞ্জা উদ্ধাৰ কৰা হৈছে। ত্ৰিপুৰাৰ পৰা অসম অভিমুখে গৈ আছিল বাহনখন। গাঞ্জা যোগান ধৰাৰ অভিযোগত আৰক্ষীয়ে বাহনখনৰ চালকজনক গ্ৰেপ্তাৰ কৰিছে। এই সন্দৰ্ভত এন ডি পি এছ আইনৰ অধীনত কমলপুৰ থানাত এটা গোচৰ ৰুজু কৰা হৈছে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
