
শিৱসাগৰ, ২৪ ডিছেম্বৰ(হি.স.)। শিৱসাগৰৰ গেলেকীত শনিবাৰে নিশা আৰক্ষীৰ গুলীচালনাত এজন লোক আহত হয়। আহত হোৱা জনক পল্লৱ গগৈ বুলি চিনাক্ত কৰা হৈছে ৷
আলফা স্বাধীনৰ সদস্য হোৱাৰ সন্দেহত আৰক্ষীৰ গুলীচালনা কৰা বুলি সন্দেহ কৰা হৈছে ৷ আহত পল্লৱ গগৈক নিশাই অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছে ৷ গুলিবিদ্ধ পল্লৱ গগৈৰ ঘৰ শিৱসাগৰ জিলাৰ কোঁৱৰপুৰৰ বিক্ৰমপুৰ তিনিআলিত বুলি জানিব পৰা গৈছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/মনোজ
