তিনিচুকীয়া, ০২ ছেপ্তেম্বৰ (হি.স.): অনিয়মীয়া বিদ্যুৎ যোগানত অতিষ্ঠ হৈ পৰিছে মাৰ্ঘেৰিটাৰ ৰাইজ। অনিয়মীয়া বিদ্যুৎ যোগানৰ বাবে মাৰ্ঘেৰিটাৰ সাধাৰণ ৰাইজে যোৱা কালি সোমবাৰে নিশা চূড়ান্ত ক্ষোভ প্ৰকাশ কৰিছে। বিশেষকৈ গ্ৰাম্য অঞ্চলসমূহত বিদ্যুৎ যোগান একেবাৰে অস্বাভাৱিক— সামান্য বৰষুণ বা বতাহ আহিলেই বিদ্যুৎ বিঘ্নিত হয়।
বহুদিন ধৰি চলি থকা এই অনিয়মীয়া যোগানত অৱশেষত ধৈৰ্য্য শেষ হ’ল স্থানীয় ৰাইজৰ। আলুবাৰী অঞ্চলত বহু সংখ্যক মহিলাই কালি নিশাৰ অন্ধকাৰতে বিদ্যুত বিভাগৰ কাৰ্যালয় ঘেৰাও কৰে। বিদ্যুৎ যোগানৰ হেমাহি আৰু অব্যৱস্থাপনাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে। মহিলাসকলে বিষয়াসকলক সন্মুখীন কৰি জৱাবদিহি বিচাৰে। বিদ্যুৎ বিভাগৰ অবহেলাৰ বাবে সাধাৰণ ৰাইজ উৎকট গৰমত কষ্ট পাব লগা হৈছে । ইফালে দিনৰ ভাগতে ব্যাহত হোৱা বিদ্যুৎ নিশা ১১ বজালৈও মেৰামতি কৰিবলৈ সক্ষম নহল বিভাগ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
