বাক্সা, ০১ ছেপ্তেম্বৰ (হি.স.): বিটিচি নিৰ্বাচনত বিজেপিৰ পৰা ৩০ নং গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ পৰা বিজেপিৰ দলীয় টিকট লাভ কৰি উৎফুল্লিত হৈ পৰে দেৰহাচাৰ নাৰ্জাৰী লগতে সমৰ্থকসকল। কালি নিশা বিটিচি নিৰ্বাচনৰ বিজেপিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হৈছিল ।
বিটিচি নিৰ্বাচনৰ ৩০ নং গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী দেৰহাচাৰ নাৰ্জাৰী। গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ পৰা দেৰহাচাৰ নাৰ্জাৰীৰ নাম ঘোষণাৰ লগে লগে ফটকা ফুটাই এক ৰেলীৰে আনন্দ উল্লাস কৰে সমৰ্থকসকলে। দলীয় টিকট লাভ কৰি দেৰহাচাৰ নাৰ্জাৰীয়ে গোৰেশ্বৰ সমষ্টিক লৈ বহু উন্নয়নমূলক কাম কৰাৰ কথা অৱগত কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
