
কোকৰাঝাৰ, ২২ জানুৱাৰী (হি স)। কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ শিমলুটাপু আৰক্ষী চকীৰ আৰক্ষীয়ে আজি ৰাতিপুৱা শ্ৰীৰামপুৰত অভিযান চলাই এখন পাচলি কঢ়িওৱা গাড়ীৰ পৰা ৭টা গৰু উদ্ধাৰ কৰে । এখন পাচলি বোজাই কৰা ইউকে ১৮ চিএ ৭৩৫০ নম্বৰৰ বলেৰো পিক আপ ভানত পাচলিৰ তলত সাতটা গৰু আনিছিল সৰবৰাহ চক্ৰটোৱে।
আৰক্ষীয়ে গাড়ীখন ৰখাবলৈ আদেশ দিয়াত চালকজনে গাড়ীখন এৰি পলাই যায়। পাছত গাড়ীখন থানাত আনি তলাচী চলোৱাত পাচলিৰ তলৰ পৰা সাতটা গৰু উদ্ধাৰ হয়। গাড়ীখন বংগ পৰা অসম অভিমুখী আহিছিল।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
