শিৱসাগৰ, শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত যোৱাকালি নিশা একপথ দুৰ্ঘটনা সংঘটিত হয়। অৰ্ধনিৰ্মিত ফৰলেনৰ পিলাৰ মহতিয়ালে তীব্ৰবেগী এএছ ০৪ এএছ ৯২৩৩ নম্বৰৰ চুইফট বাহনখনে।
শিৱসাগৰ নগৰৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ অভিমুখে গৈ থকা অৱস্থাত প্ৰগতি চাৰিআলিত হয় এই দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই বাহনখন ফৰলেনৰ পথৰ অৰ্ধনিৰ্মিত পিলাৰত মহতিয়াই ফলত বাহনখনত অগ্নি সংযোগ হৈ পথৰ মাজতে দাউ দাউ কৈ জ্বলি উঠিল চুইফট বাহনখন।অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত বাহন খনৰ জুই নিয়ন্ত্ৰণ কৰা হয়। বাহনখনৰ চালকে সুৰাপান কৰি থকাৰ সন্দেহ কৰা হৈছে।
