নগাঁও, ২৭ নৱেম্বৰ (হি.স.)। অস্বাভাৱিকভাবে শুকাইছে তামুলীডুভাৰ জলস্তৰ। উদ্বেগজনক ভাবে হ্রাস পাইছে পবিতৰা অভয়াৰণ্যৰ মুখ্য আকৰ্ষণৰ কেন্দ্ৰ বিন্দু তামুলীডুভা বিলৰ জলস্তৰ। পবিতৰা অভয়াৰণ্যৰ জীৱ জন্তুৰ অন্যতম মুখ্য বাসস্থান তামুলীডুভা বিলৰ বৃহৎ অংশত সৃষ্টি হৈছে তৰাং পৰিৱেশ। এই বৃহৎ জলাশয়টো প্রত্যক্ষ কৰিলে এতিয়া দৃশ্যমান হয় এক তৰাং পৰিৱেশ৷ এই বৃহৎ জলাশয়টো শীতৰ বতৰত হাজাৰ হাজাৰ দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ বিচৰণ থলী হৈ পৰে। ফলত পৰ্যটকৰ আকৰ্ষণৰ মুল কেন্দ্ৰ বিন্দু হৈ পৰে এই বিল খন।
কিন্তু শীত শেষ নহওঁতেই জলাশয় টোৰ জলস্তৰ হ্ৰাস পোৱাত আগতীয়াকৈ বিদায় লব লগা হৱ পক্ষীকূলে। উক্ত বিশাল এলেকাত বাৰিষাৰ সময়ত সাগৰসদৃশ পৰিৱেশে বিৰাজ কৰাৰ বিপৰীতে এতিয়া খৰালিত এনে পৰিবেশে বিৰাজ কৰিছে।বাৰিষাত মাত্ৰাধিক হাৰত পলস পৰি তামুলীডুভা বিলৰ জলস্তৰ ক্ৰমাৎ হ্ৰাস পাইছে ,পূৰ্বতে যি স্থানত আছিল কেৱল পানী আৰু পানী সেই স্থানত এতিয়া খৰাং পৰিৱেশ। অস্বাভাৱিক হাৰত তামুলীডুভা বিলৰ জলপৃষ্ঠ শুকাই যোৱা দেখি চিন্তিত স্থানীয় ৰাইজ আৰু প্ৰাকৃতিক প্ৰেমী৷ কি হব ভবিষ্যত পবিতৰা অভয়াৰণ্যৰ পৰ্যটক ক্ষেত্ৰত।
হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/আলোক.
