
ধুবুৰী, ১৭ জুলাই (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰত যোৱাকালি বুধবাৰে সন্ধিয়া ফুটবল খেলক কেন্দ্ৰ কৰি ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হয় । হৈ পৰে ৰক্তাক্ত গৌৰীপুৰ মহামায়া খেলপথাৰ।
গ্ৰীণ ভেলী ক্লাব আৰু ইউং ষ্টাৰ সাজোৱাৰকুটিৰ মাজত দুৰ্দান্ত খেল চলি থকাৰ সময়তে খেলৰ নিয়ম উলংঘাৰ অভিযোগ উত্থাপন কৰাৰ বাবে খেলুৱৈ আৰু দৰ্শকৰ মাজত হতাহতিৰ সৃষ্টি হয়। এই ঘটনাত ইউং ষ্টাৰ ক্লাব সাজোৱাৰকুটিৰ খেলৱৈৰ অভিভাৱক গুৰুতৰ বাবে আহত হয়। ইয়াকে লৈ গৌৰীপুৰত বৰ্তমানেও উত্তেজনা অব্য়াহত আছে । গৌৰীপুৰ ক্ৰিয়া সন্থাৰ উদ্যোগত আয়োজন কৰা হৈছিল ফুটবল খেল আৰু খেলৰ মাজতেই উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈ ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
