
গুৱাহাটী, ৩১ অক্টোবৰ(হি.স.)। মঙলবাৰে পুৱা গুৱাহাটী মহানগৰৰ মালিগাঁও অঞ্চলত থকা এটা পুনৰ্বাসন কেন্দ্ৰত এজন যুৱকক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে। পুনৰ্বাসন কেন্দ্ৰৰ কমন ৰুমৰ ভিতৰত উদ্ধাৰ হোৱা মৃত যুৱক জনক মিত্ৰ টাউড (২৫) বুলি চিনাক্ত কৰা হৈছে।
নিচামুক্ত কাউন্সেলিং আৰু পুনৰ্বাসন কেন্দ্ৰ ‘ছানভি ৱেলনেছ ফাউণ্ডেশ্যন’ পৰা মৃতদেহটো উদ্ধাৰ কৰা হৈছে। ঘটনাস্থলীত উপস্থিত জালুকবাৰী আৰক্ষী থানাৰ আৰক্ষী বিষয়াই সংবাদ মাধ্যমক জনোৱা অনুসৰি, অসমৰ ধেমাজি জিলাৰ বাসিন্দা মৃত যুৱকজনে বিগত পাঁচ মাহ ধৰি পুনৰ্বাসন কেন্দ্ৰটোত আছিল।
তেওঁৰ মৃত্যুৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। ঘটনাস্থলীত উপস্থিত হৈ মহানগৰ আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো উদ্ধাৰ কৰিছে।
হিন্দুস্থান সমাচাৰ/ৰমেন/আলোক.
