কৰিমগঞ্জ, ১৬ অক্টোবৰ (হি.স.): কৰিমগঞ্জৰ বদৰপুৰত আজি নিষিদ্ধ ফেনচিডিলৰ সৈতে গ্ৰেপ্তাৰ কৰা হৈছে কামৰুল ইছলাম নামৰ এগৰাকী ভিডিপি কৰ্মীক। লগতে কেইবা লক্ষাধিক টকাৰ নিষিদ্ধ কফ চিৰাপ জব্দ কৰা হৈছে। ভিডিপি কৰ্মীৰ ঘৰৰ পৰা জব্দ বৃহৎ পৰিমাণৰ ফেনচিডিলৰ বটল।
জানিব পৰা মতে, এক গোপন সূত্ৰৰ পম খেদি অভিযান চলাই বদৰপুৰ থানাৰ অ’ চি সোমেশ্বৰ কৌৰে সৰপুৰ গাঁৱৰ পৰা সৰবৰাহকাৰীজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। সূত্ৰ অনুসৰি বদৰপুৰ বিধানসভাত সমাজবাদী পাৰ্টিৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিযোগিতা কৰিছিল মকই ভাংগা অঞ্চলৰ ভিডিপি কৰ্মী কামৰুল ইছলামৰ ঘৰৰ পৰা ২১৯ বটল নিষিদ্ধ ফেনচিডোল জব্দ কৰা হৈছে। যাৰ বজাৰ মূল্য কেইবা লাখ দিক টকা হ’ব বুলি আৰক্ষীৰ অনুমান। ধৃত ব্যক্তিজনে নিষিদ্ধ কফ চিৰাপ ক’ৰ পৰা পাইছিল আৰু কাক যোগান ধৰিব বিচাৰিছিল সেই সম্পৰ্কে তথ্য সংগ্ৰহৰ বাবে আৰক্ষীয়ে তীব্ৰ জেৰা অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
