ধুবুৰী, ০৭ ছেপ্টেম্বৰ (হি.স.)। ধুবুৰীৰ অসম বংগ সীমান্তৰ ছাগলীয়াত কন্টেইনাৰ সহ চোৰাং গৰু জব্দ । বহি: ৰাজ্যৰ পৰা অসমত প্ৰৱেশ কৰাৰ সময়তে ছাগলীয়া আৰক্ষীয়ে জব্দ কৰে কন্টেইনাৰ সহ চোৰাং গৰু । জব্দ কৃত কন্টেইনাৰ ট্ৰাক খনৰ নম্বৰ ইউপি ২১এফটি / ১৪০৬ । কন্টেইনাৰ ট্ৰাক খনৰ পৰা উদ্ধাৰ ৩০ টা চোৰাং গৰু ।
অৱশ্যে চালক আৰু হেণ্ডিমেন পলাই যাবলৈ সক্ষম হয় । ছাগলীয়াত থকা বিক্ৰী কৰ ( জি এছ টি ) বিভাগৰ নিয়মীয়া তালাচীত উদ্ধাৰ হয় গৰু কেইটা।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
