কামৰূপ, ২৩ জুন (হি.স.)। কামৰূপৰ চাংসাৰীত যুৱতীৰ অশ্লীল ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকি দিয়াৰ অভিযোগত এজনক গ্ৰেপ্তাৰ। স্থানীয় ৰাইজে ঘটনাটোক লাভ জিহাদ বুলি কব খোজে। কামৰূপৰ চাংসাৰীত লাভ জিহাদ। এগৰাকী যুৱতীৰ অশ্লীল ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকিৰে প্ৰবঞ্চনাৰ জাল পেলোৱা যৱক চাংসাৰী আৰক্ষীৰ জালত। নগাঁও জুৰিয়াৰ মেহেৰীপাৰাৰ নুৰ জামান নামৰ যুৱক গৰাকীয়ে কৰ্মসুত্ৰে চাংসাৰীত থাকি প্ৰেমৰ সম্পৰ্ক গঢ়িছিল এগৰাকী যুৱতীৰে। পিছত যুৱতী গৰাকী আৰু তেওঁৰ পৰিয়ালক বিভিন্ন ভাবুকি দিবলৈ আৰম্ভ কৰে। যুৱতী গৰাকীৰে প্ৰেমৰ সম্পৰ্ক গঢ়ি এনেদৰে প্ৰবঞ্চনা কৰিছিল ধৃত নুৰ জামানে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
