কামৰূপ, ১১ নৱেম্বৰ (হি স)। কামৰূপৰ গৰৈমাৰীত বন বিভাগৰ অভিযান অব্য়াহত আছে ৷ শেহতীয়া অভিযানত জব্দ কৰে অবৈধভাৱে সৰবৰাহ কৰা বালিভৰ্তি ট্ৰেক্টৰ এখন ৷
গৰৈমাৰীৰ বন বিভাগৰ বনকৰ্মীৰ দল এটাই গোপন খবৰৰ ভিত্তিত জামবাৰীৰ পৰা আহি থকা অৱস্থাত অবৈধ বালিভৰ্তি নম্বৰবিহীন ট্ৰেক্টৰ এখন গৰৈমাৰীত জব্দ কৰে ৷ জব্দকৃত বালিভৰ্তি ট্ৰেক্টৰখন গৰৈমাৰীৰ বন বিভাগৰ জিম্মাত ৰাখিছে ।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
