নগাঁও, ১৮ জানুৱাৰী (হি স) । নগাঁও জিলাৰ কামপুৰৰ কচুৱাত বৃহৎ পৰিমানৰ ড্ৰাগছ জব্দ কৰা হৈছে ৷ আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীৰ অভিযানত বৃহৎ পৰিমানৰ ড্ৰাগছ আৰু নিচাযুক্ত টেবলেট সহ এজন সৰবৰাহকাৰী আটক কৰা হয়। ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম চাইদুৰ ৰহমান বুলি জানিব পৰা গৈছে ৷
সৰবৰাহকাৰীটোৰ পৰা ০.১২৬ গ্ৰাম ড্ৰাগছ, ৯৮ টা ড্ৰাগছ ভৰ্তি কন্টেইনাসহ ১১ গ্ৰাম ড্ৰাগছ, ৭৭০০ টা নিচাযুক্ত টেবলেট, চিৰাফৰ লগতে প্রায় ৯০০ খালি কন্টেনাৰ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী। বৰ্তমান অধিক তথ্যৰ বাবে সোধাপোছা অব্যাহত ৰাখিছে ড্ৰাগছ সৰবৰাহকাৰীটোক । জব্দকৃত টেবলেট সমূহৰ বজাৰ মূল্য প্ৰায় ৩৮লাখ ৫০ হাজাৰ টকা হ’ব বুলি আৰক্ষীয়ে সদৰি কৰে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
