
হোজাই, ১৭ আগষ্ট (হি.স.)। বিশেষ ভোটাৰ নিৰীক্ষণ চমুকৈ এছআইআৰৰ সুযোগ লৈ প্ৰমান পত্ৰ দিয়াৰ নামত একাংশ গাওঁবুঢ়াই ধন দাবী কৰাৰ অভিযোগ উত্থাপিত হৈছে। এই সন্দৰ্ভত হোজাই আৰক্ষীক অভিযোগ দিছে আমছুৱে।
উল্লেখ্য় যে বিহাৰৰ পাছত অসমতো এছআইআৰ হোৱাৰ বাবে তৎপৰ হৈছে সংখ্যালঘু এলেকাৰ ভোটাৰ ৰাইজ । এছআইআৰৰ বাবে তথ্য প্ৰমান প্ৰস্তুত কৰিবলৈ তৎপৰ হৈছে সংখ্যালঘু এলেকাৰ ভোটাৰ ৰাইজ। তাৰ মাজতে একাংশ গাওঁ বুঢ়াই প্ৰমান পত্ৰ প্ৰদান কৰাৰ নামত বৃহৎ ধন সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে। ১৫০০ ৰ বা ২০০০ লৈকে ধন দাবী কৰাৰ অভিযোগ কৰিছে আমছুৱে।
সমান্তৰালকৈ একাংশ মধ্যভোগীয়ে নথি প্ৰস্তুত কৰি দিয়াৰ নামত সাধাৰণ ভোটাৰক লুন্ঠন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। এই অভিযোগ তুলি হোজাই জিলা আৰক্ষী অধীক্ষকৰ ওচৰত স্মাৰক পত্ৰ দাখিল কৰিছে আমছুৰ হোজাই জিলা সমিতিয়ে। বিষয়টো তদন্ত কৰি দোষীক শাস্তি দিয়াৰ দাবী জনাইছে আমছুৱে। আনহাতে বক্ৰপথেৰে কোনো নথি নবনাবলৈ ৰাইজলৈ আহ্বান জনায় আমছুৱে।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
