
মানৱ অধিকাৰ সুৰক্ষা আৰু সংৰক্ষণৰ দৃষ্টিকোণৰ পৰা বিশ্বজুৰি ১০ ডিচেম্বৰক অত্যন্ত গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। এই দিৱসটো প্ৰতি বছৰে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয়।
১৯৫০ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ঘোষণা কৰে যে ১০ ডিচেম্বৰ দিনটো মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হ’ব। এই তাৰিখৰ বাছনিও বিশেষ কাৰণ ১৯৪৮ চনৰ ১০ ডিচেম্বৰত ৰাষ্ট্ৰসংঘই মানৱ অধিকাৰৰ বিশ্বব্যাপী মূল নথি হিচাপে বিবেচিত মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণাপত্ৰ গ্ৰহণ কৰে।
মানৱ অধিকাৰ দিৱসৰ প্ৰধান উদ্দেশ্য হৈছে প্ৰতিজন নাগৰিকক মানৱ অধিকাৰৰ গুৰুত্ব, তেওঁলোকৰ মৰ্যাদা, স্বাধীনতাৰ মূল্যৰ বিষয়ে সচেতন কৰা। এই দিৱসটোৱে চৰকাৰ, প্ৰতিষ্ঠান, সমাজলৈও এটা বাৰ্তা প্ৰেৰণ কৰে যে সকলো মানৱ অধিকাৰৰ সন্মান, সুৰক্ষা, পালন নিশ্চিত কৰাটো তেওঁলোকৰ দায়িত্ব।
আজিও বিশ্বৰ বহু ঠাইত মানৱ অধিকাৰ উলংঘা এক গুৰুতৰ প্ৰত্যাহ্বান হৈয়েই আছে। এই প্ৰেক্ষাপটত আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱসে ন্যায়, সমতা, স্বাধীনতা, আৰু মানৱ মৰ্যাদাৰ মৌলিক নীতিসমূহ পুনৰাবৃত্তি কৰাৰ সুযোগ প্ৰদান কৰে।
গুৰুত্বপূৰ্ণ পৰিঘটনা
১৫৮২ – ফ্ৰান্সে গ্ৰেগ’ৰিয়ান কেলেণ্ডাৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে।
১৮৮৭ – অষ্ট্ৰিয়া, হাংগেৰী, ইটালী আৰু ব্ৰিটেইনৰ মাজত বাল্কন সামৰিক চুক্তি স্বাক্ষৰিত হয়।
১৮৯৮ – পেৰিছ সন্ধিৰ জৰিয়তে স্পেনিছ-আমেৰিকান যুদ্ধৰ অন্ত পৰে।
১৯০২ – তাছমেনিয়াত মহিলাসকলক ভোটাধিকাৰ প্ৰদান কৰা হয়।
১৯০৩ – পিয়েৰ কুৰি আৰু মেৰী কিউৰীয়ে পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।
১৯৪৭ – ছোভিয়েট ইউনিয়ন আৰু চেকোস্লোভাকিয়াৰ মাজত বাণিজ্যিক চুক্তি স্বাক্ষৰিত হয়।
১৯৫০ – ৰাষ্ট্ৰসংঘই আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱস ঘোষণা কৰে।
১৯৬১ – ছোভিয়েট ইউনিয়ন আৰু আলবেনিয়াৰ মাজত কূটনৈতিক সম্পৰ্কৰ অন্ত পৰে।
১৯৬৩ – আফ্ৰিকাৰ দেশ জাঞ্জিবাৰে ব্ৰিটেইনৰ পৰা স্বাধীনতা লাভ কৰে।
১৯৯২ চনত গুজৰাটত দেশৰ প্ৰথমটো হভাৰক্ৰাফ্ট সেৱা আৰম্ভ হয়।
১৯৯৪ – ইয়াছেৰ আৰাফাত, ইৎজাক ৰাবিন আৰু শ্বিমন পেৰেছক যৌথভাৱে শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হয়।
১৯৯৮ – অমৰ্ত্য সেনক ১৯৯৮ চনত ষ্টকহোমত অৰ্থনীতিৰ নোবেল বঁটা প্ৰদান কৰা হয়।
১৯৯৯ – আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সন্ত্ৰাসবাদ নিৰ্মূল কৰিবলৈ ৰাষ্ট্ৰসংঘৰ সন্ধিৰ অধীনত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে ধন আগবঢ়োৱাটো অৰ্থনৈতিক অপৰাধ হিচাপে ঘোষণা কৰা হয়।
২০০০ – নৱাজ শ্বৰীফ আৰু তেওঁৰ পৰিয়ালক পাকিস্তানৰ পৰা দহ বছৰৰ বাবে নিৰ্বাসিত কৰা হয়।
২০০২ – আমেৰিকাৰ দ্বিতীয় বৃহত্তম বিমান সংস্থা ইউনাইটেড এয়াৰলাইন্সক দেউলীয়া ঘোষণা কৰা হয়।
২০০৩ – কলম্বোত ৰাষ্ট্ৰপতি চন্দ্ৰিকা কুমাৰটুংগা আৰু প্ৰধানমন্ত্ৰী ৰানিল উইক্ৰেমসিংহৰ মাজত হোৱা আলোচনা ব্যৰ্থ হয়।
২০০৪ – ঢাকা টেষ্টত কপিল দেৱক অতিক্ৰম কৰি অনিল কুম্বলে টেষ্ট ক্ৰিকেটত সৰ্বাধিক উইকেট দখল কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হয়।
২০০৫ – কাজাখস্তানত অনুষ্ঠিত ৰাষ্ট্ৰপতি নিৰ্বাচনত বৰ্তমানৰ ৰাষ্ট্ৰপতি নুৰ চুলতান নাজাৰ বায়েব পুনৰ নিৰ্বাচিত হয়।
২০০৬ – চিলিৰ প্ৰাক্তন একনায়কত্ববাদী জেনেৰেল অগাষ্টো পিনোচেটৰ ছান্টিয়াগোত মৃত্যু হয়।
২০০৭ – পাকিস্তানৰ প্ৰধানমন্ত্ৰী পাৰভেজ মুশ্বাৰফে পাকিস্তানৰ উচ্চতম ন্যায়ালয়ত আৰু তিনিজন ন্যায়াধীশ নিযুক্তি দিয়ে।
২০০৭ – ক্ৰীষ্টিনা ফাৰ্নাণ্ডেজ ডি কিৰ্চনাৰ আৰ্জেণ্টিনাৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি হয়।
২০১৩ – উৰুগুৱেই প্ৰথমখন দেশ হিচাপে পৰিগণিত হয় যিয়ে নিচাযুক্ত ড্ৰাগছ গাঞ্জাৰ বৃদ্ধি, বিক্ৰী আৰু ব্যৱহাৰক বৈধতা প্ৰদান কৰে।
২০১৬ – তুৰস্কৰ ইস্তানবুলত ফুটবল ষ্টেডিয়ামৰ সমীপত সংঘটিত দুটা বিস্ফোৰণত ৩৮ জন লোকৰ মৃত্যু।
জন্ম
১৮৭০ – যদুনাথ সৰকাৰ – প্ৰখ্যাত ইতিহাসবিদ।
১৮৭৮ – চক্ৰৱৰ্তী ৰাজগোপালাচাৰী – উকীল, সাহিত্যিক, ৰাজনীতিবিদ, আৰু দাৰ্শনিক।
১৮৭৮ – আজিৰ দিনটোতে মহম্মদ আলী – প্ৰখ্যাত ভাৰতীয় স্বাধীনতা সংগ্ৰামী, সাংবাদিক, আৰু শিক্ষাবিদ।
১৮৮৮ – আজিৰ দিনটোতে প্ৰফুল্লচন্দ্ৰ চাকী – স্বাধীনতা সংগ্ৰামী।
১৯০২ – এছ নিজালিংগাপ্পা – ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি।
১৯০৮ – হন্সমুখ ধীৰাজলাল শংকলীয়া – ভাৰতীয় পুৰাতত্ত্ববিদ।
মৃত্যু
১৮৯৬ – নোবেল বঁটাৰ প্ৰতিষ্ঠাপক আলফ্ৰেড বাৰ্নহাৰ্ড নোবেলৰ মৃত্যু হয়।
১৯৬৩ – পানীকাৰ, কে.এম.- মহীশূৰ (কৰ্ণাটক)ৰ বিখ্যাত ৰাজনীতিবিদ আৰু পণ্ডিত।
১৯৯৫ – চৌধুৰী দিগম্বৰ সিং – স্বাধীনতা সংগ্ৰামী আৰু প্ৰখ্যাত নেতা।
২০০১ – অশোক কুমাৰ – ভাৰতীয় অভিনেতা।
২০০৯ – দিলীপ চিত্ৰে, মাৰাঠী সাহিত্যিক, কবি, আৰু সমালোচক।
২০১৭ – লালজী সিং – ভাৰতৰ প্ৰখ্যাত জীৱবিজ্ঞানী।
২০১৮ – চি এন বালকৃষ্ণন – কংগ্ৰেছৰ জ্যেষ্ঠ ৰাজনীতিবিদ তথা কেৰালাৰ প্ৰাক্তন মন্ত্ৰী।
২০১৮ – মুছিৰুল হাছান – ভাৰতৰ প্ৰখ্যাত ইতিহাসবিদ আৰু জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ উপাচাৰ্য।
২০২০ – আস্তাদ দেবু – বিশ্ববিখ্যাত ভাৰতীয় সমসাময়িক নৃত্যশিল্পী আৰু নৃত্য পৰিচালক।
গুৰুত্বপূৰ্ণ দিন
বিশ্ব মানৱ অধিকাৰ দিৱস
সৰ্বভাৰতীয় হস্তশিল্প সপ্তাহ (৮-১৪ ডিচেম্বৰ)
हिन्दुस्थान समाचार / অৰৱিন্দ
