
কোকৰাঝাৰ, ৩০ ডিছেম্বৰ (হি স)। সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিবেশন শুকুৰবাৰে সম্পন্ন হয়। শুকুৰবাৰে নিশা সফল সামৰণি পৰা নাথ যোগী ছাত্ৰ সন্থাৰ ভূটীয়াপাৰাৰ কেন্দ্ৰীয় অধিবেশনতে নতুন সমিতি গঠন কৰা হয়।
সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিবেশন উপলক্ষে লোকে লোকাৰণ্য ভূটীয়াপাৰা খেলপথাৰ । অধিবেশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস । মুকলি সভাৰ পূৰ্বে ৭০০০ নাচনিয়ে একেলগে কৃষ্টি প্ৰদৰ্শন কৰে। এই নৃত্য় দেখি অভিভূত হৈ পৰে মন্ত্ৰী ৰঞ্জিত দাস । তেওঁ কয় যে জীৱনত তিনিটা নান্দনিক দৃশ্য দেখাৰ ভিতৰত ইয়াত প্ৰদৰ্শিত হোৱা নাথ যোগীৰ কাৰ্তিকা নৃত্য অন্যতম ।
প্ৰথম নান্দনিক দৃশ্য আছিল যোৰহাটৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দ্বাৰা ১৬০০০ ব্যাক্তিয়ে একেলগে কৰা খোলবাদনৰ দৃশ্য । দ্বিতীয় নান্দনিক দৃশ্য আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একেলগে ১১০০০ বিহুৱতীৰ দ্বাৰা বিহুনৃত্য কৰা আৰু তৃতীয় হ’ল নাথ যোগী ছাত্ৰ সন্থাৰ দ্বাৰা ৭০০০ নাচনিৰ দ্বাৰা কাৰ্তিকা নৃত্য প্ৰদৰ্শন কৰা । তেওঁ কয় যে হেৰাই যাব ধৰা অসমীয়া কৃষ্টি ধৰিব লাগিব ।
নাথ যোগীৰ দাবী উপগ্ৰহীয় স্বায়ত্বশাসিত পৰিষদ গঠন কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ সতে আলোচনা কৰা হ’ব বুলিও তেওঁ ব্য়ক্ত কৰে। মুখ্যমন্ত্ৰীয়ে প্ৰতিটো জাতি জনগোষ্ঠীৰ অভাৱ অভিযোগ , সমস্যা সমাধান কৰি আহিছে গতিকে নাথ যোগীৰ সমস্যাও সমাধান কৰিব ।
ইপিনে প্ৰতিনিধি সভাৰ অন্তত গঠন কৰা হয় নতুন সমিতি । পুৰণি সমিতি ভংগ কৰি নতুন সমিতি গঠন কৰা হয় । অৰবিন্দ নাথক সভাপতি আৰু দীপক নাথক সাধাৰণ সম্পাদক হিচাপে ৫১ জনীয়া সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ নতুন কেন্দ্ৰীয় সমিতি গঠন ।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
