নতুন দিল্লী, ০২ আগষ্ট (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আজি (শনিবাৰে) বাৰাণসী ভ্ৰমণলৈ আহিব । এই সময়ত প্ৰধানমন্ত্ৰীয়ে ২১৮৩.৪৫ কোটি টকাৰ ৫২টা উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। লগতে ৰাজহুৱা সভাত ভাষণ দিব।
প্ৰধানমন্ত্ৰী গৰাকী আজি পুৱা প্ৰায় ১০.৩০ বজাত বিশেষ বিমানেৰে বাবাটপুৰ বিমানবন্দৰত উপস্থিত হ’ব। ৰাজ্যপাল আনন্দী বেন পেটেল আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকে ধৰি বিজেপিৰ জ্যেষ্ঠ নেতাই তেওঁক আদৰণি জনাব।
প্ৰধানমন্ত্ৰীয়ে আজি বাৰাণসীৰ পৰা দেশৰ ৯.৭০ কোটিৰো অধিক কৃষকৰ একাউণ্টলৈ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ২০তম কিস্তি হিচাপে ২০,৫০০ কোটি টকাৰ ধন প্ৰেৰণ কৰিব। ইয়াৰ সমান্তৰালকৈ তেওঁ ২১৮৩.৪৫ কোটি টকাৰ ৫২টা উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।
প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিবলগীয়া প্ৰকল্পসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ প্ৰকল্পটো হ’ল ৩৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ বাৰাণসী-ভাদৌহী চাৰিলেন বহল কৰা প্ৰকল্প (২৬৯.১০ কোটি টকা)। ইয়াৰ লগতে আধাৰশিলা স্থাপন কৰিবলগীয়া আটাইতকৈ ডাঙৰ প্ৰকল্পটো হ’ল ৰাজ্যিক হোমিঅ’পেথিক চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (৮৫.৭২ কোটি টকা) নিৰ্মাণ।
কাশী সংসাদ প্ৰতিযোগিতাৰ অধীনত স্কেচিং, পেইন্টিং, ফটোগ্ৰাফী, ক্ৰীড়া, জ্ঞান প্ৰতিযোগিতা আৰু নিয়োগ মেলাকে ধৰি বিভিন্ন কাৰ্যসূচী আৰু প্ৰতিযোগিতাৰ পঞ্জীয়ন পৰ্টেল উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে। তেওঁ দিব্যাংজন আৰু বৃদ্ধ লোকক ৭৪০০ৰো অধিক সহায়ক সামগ্ৰী বিতৰণ কৰিব।
প্ৰধানমন্ত্ৰীয়ে সেৱাপুৰী বিধান সভা সমষ্টিৰ বনাউলী (কালিকা ধাম) গাঁৱত এখন ৰাজহুৱা সভাত ভাষণ দিব । কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পিছত বাবতপুৰ বিমানবন্দৰৰ পৰা দিনৰ ১:২৫ বজাত দিল্লীলৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰীগৰাকী।
—————
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
