
হোজাই, ১৫ নৱেম্বৰ (হি.স.): হোজাই জিলাৰ লামডিঙৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱা কালি শুকুৰবাৰে সন্ধিয়া ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । লঙ্কাৰ পৰা লামডিং অভিমুখে আহি থাকোঁতে বাজাজ এভেঞ্জাৰ এখন বাইক নিয়ন্ত্ৰণ হেৰুৱাই পথত বাগৰি পৰে। ফলত গুৰুতৰ ভাৱে আহত হয় দুজন যুৱক। এই ঘটনা সংঘটিত হয় ৰাষ্ট্ৰীয় ঘাইপথৰ এছ টাৰ্ণিং সন্মুখতে।
দুৰ্ঘটনা হোৱা বাইক খনৰ নম্বৰ এএছ ০৯ এইচ ৮০৯১ বুলি জানিব পৰা গৈছে। আহত হোৱা যুৱক দুজনৰ নাম ক্ৰমে লামডিঙৰ বাসিন্দা ৰাজু দত্ত আৰু লঙ্কা ভালুকমাৰি বাসিন্দা সুখদেৱ দাস বুলি জানিব পৰা গৈছে । যুৱক দুইজন লামডিং অসামৰিক চিকিৎসা কেন্দ্ৰ লৈ ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে ডিফু মেডিকেল কলেজ লৈ প্ৰেৰণ কৰে। খবৰ পাই ঘটনা স্থলীত উপস্থিত হয় লামডিং আৰক্ষী |
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
