
নতুন দিল্লী, ০৪ আগষ্ট (হি.স.)। অৰুণ জেটলী ষ্টেডিয়ামত দেওবাৰে নিশা দেখা গ’ল দিল্লী প্ৰিমিয়াৰ ২০২৫ লীগৰ আন এখন উচ্চ স্ক’ৰিং মেচ, য’ত নতুন দিল্লী টাইগাৰছ আৰু আউটাৰ দিল্লী ৱাৰিয়ৰ্ছৰ মাজত ৰোমাঞ্চকৰ সংঘৰ্ষ হয়। বেটছমেনৰ অগ্নিময় ইনিংছ আৰু মেচখনৰ উত্থান-পতনে দৰ্শকক সম্পূৰ্ণৰূপে ৰোমাঞ্চিত কৰি তুলিছিল।
টছ হেৰুৱাই প্ৰথমে বেটিং কৰাৰ পিছত নতুন দিল্লী টাইগাৰছৰ আৰম্ভণি ভাল নাছিল। অ’পেনাৰ ধ্ৰুৱ কৌশিকে মাত্ৰ ৫ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি আহে। অৱশ্যে ইয়াৰ পিছত শিৱম গুপ্তা আৰু অধিনায়ক হিম্মত সিঙে দায়িত্ব গ্ৰহণ কৰি দ্বিতীয় উইকেটৰ বাবে ১৬৪ ৰানৰ উজ্জ্বল অংশীদাৰিত্ব গঢ়ি তুলিছিল।
শিৱম গুপ্তাই ৮টা চাৰি আৰু ৪টা ছয়ৰ সহায়ত ৫৩টা বলত ৮৯ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে হিম্মত সিঙে ৩৯টা বলত ৬৯ ৰানৰ আগ্ৰাসী ইনিংছ খেলিছিল। কিছু দ্ৰুত উইকেট মাজত পৰিল ঠিকেই, কিন্তু কেশৱ দলালে ৯ বলত ১৯ ৰানৰ দ্ৰুত ইনিংছ খেলি স্ক’ৰ শক্তিশালী কৰে। আবণ্টিত ২০ অভাৰত টাইগাৰছে ২২২/৭ ৰান সংগ্ৰহ কৰে।
বলিঙত আউটাৰ দিল্লী ৱাৰিয়ৰ্ছৰ অংশুমান হুদাই উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই ৫১ ৰানত ৫ উইকেট দখল কৰি সকলোকে আপ্লুত কৰে।
ইয়াৰ উত্তৰত আউটাৰ দিল্লী ৱাৰিয়ৰ্ছে দ্ৰুত আৰম্ভণি কৰে। মাত্ৰ ৫.৪ অভাৰত ৬৯ ৰান সংযোজন কৰি অ’পেনাৰ প্ৰিয়ংশ আৰ্য্য (২৬ ৰান, ১৫ বল) আৰু সনাত চাংৱানে (৪৮ ৰান, ৪২ বল) শক্তিশালী ভেটি স্থাপন কৰে। কিন্তু মাজৰ অভাৰত ধাৰাবাহিকভাৱে উইকেটৰ পতনৰ বাবে দলটো হেঁচাত পৰিছিল।
শ্ৰেষ্ঠ যাদৱে (৩৭* ৰান, ৩৩ বল) এটা এণ্ড আৰু ধ্ৰুৱ সিঙে (৩৮* ৰান, ১৬ বল) ফাইনেল অভাৰত দ্ৰুত ৰান সংগ্ৰহ কৰে যদিও টাৰ্গেট অতি ডাঙৰ বুলি প্ৰমাণিত হয়। শেষত ৱাৰিয়ৰ্ছে মেচখনত ৪০ ৰানত পৰাস্ত হয়।
এই জয়ৰ জৰিয়তে নতুন দিল্লী টাইগাৰছে ডি পি এল ২০২৫ৰ দ্বিতীয় সংস্কৰণত আন এক গুৰুত্বপূৰ্ণ জয় পঞ্জীয়ন কৰে।
চমু স্ক’ৰকাৰ্ড:
নতুন দিল্লী টাইগাৰছ – ২২২/৭ (২০ অভাৰ): শিৱম গুপ্তা ৮৯ (৫৩), হিম্মত সিং ৬৯ (৩৯), অংশুমান হুদা ৫/৫১
আউটাৰ দিল্লী ৱাৰিয়ৰ্ছ – ১৮২/৪ (২০ অভাৰ): সনাত চাংৱান ৪৮ (৪২), ধ্ৰুৱ সিং ৩৮* (১৬), আত্ৰে ত্ৰিপাঠী ২/১৫
हिन्दुस्थान समाचार / Manoj Kumar Saikia
