গুৱাহাটী, ২৮ আগষ্ট (হি.স.)। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ২৮-২৯ আগষ্টত অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজভৱনত উপস্থিত হৈ প্ৰস্তুতিৰ বুজ লয়।
দুদিনীয়া ভ্ৰমণৰ সময়ত গৃহমন্ত্ৰীগৰাকীয়ে নতুনকৈ নিৰ্মিত ৰাজভৱন উদ্বোধন কৰিব। ইয়াৰ উপৰিও মন্দিৰ দৰ্শন, গো পূজা, বৃক্ষৰোপণকে ধৰি বহু কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।
মুখ্যমন্ত্রীয়ে জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ সকলো প্রস্তুতি আৰু ব্যৱস্থা সুচাৰুৰূপে সম্পূর্ণ কৰিবলৈ নির্দেশ দিয়ে৷
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
