গুৱাহাটী, ২০ অক্টোবৰ(হি.স.)। আজি পোহৰৰ উৎসৱ দীপাৱলী। একেদৰে আজিৰ এই দিনটোতেই পালন কৰা হ’ব কালী পূজা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে কালী পূজা আৰু দীপাৱলীক কেন্দ্ৰ কৰি প্ৰস্তুতি সম্পন্ন হৈছে যদিও ৰাইজে খোলা মনেৰে পৰিবেশটো উপভোগৰ পৰা বঞ্চিত হৈছে।
কিয়নো অসমবাসীক এইবাৰ দীপাৱলীৰ সেই পৰিচিত ফটকা ফুটাই কৰা আনন্দ-উল্লাসে স্পৰ্ষ কৰিব পৰা নাই। নিয়মমাফিক পূজা- অৰ্চনাৰে সম্পন্ন হ’ব দীপাৱলী। কিয়নো অসমৰ ৰাইজৰ হিয়াৰ আমঠু সংগীত শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগত শোকস্তব্ধ হৈ আছে ৰাজ্যবাসী।
ব্যৱসায়ী সকলৰো ব্যৱসায় এইবাৰ মন্দা বুলি জানিব পৰা গৈছে। ফটকা ব্যৱসায় সকলে গ্ৰাহকৰ অপেক্ষাত হা-হুমনীয়া কটাব লগীয়া হৈছে।অসমৰ ৰাইজক অতি অনুষ্টুপিয়াকৈ কালী পুজা আৰু দীপাৱলী পালন কৰিবলৈ বিভিন্ন দল সংগঠনে আহ্বান জনাইছে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ
