ডিব্ৰুগড়,১৮ ডিচেম্বৰ(হি.স.)। পূৰ্বৰ কংগ্ৰেছৰ চৰকাৰৰ দিনত ইন্দিৰা আবাস যোজনাৰ অধীনত দৰিদ্ৰ লোকৰ আবাস গৃহ নিৰ্মাণ কৰিবলৈ আঁচনি ললে কোনোদিনেই শেষ কৰি হিতাধিকাৰীক আবাস গৃহত প্ৰৱেশ কৰি থাকিবলৈ দিব নোৱাৰিছিল। নৰেন্দ্ৰ মোদীৰ দিনত সকলো সম্ভৱ হৈছে। অসমত কেচাঘৰ নাইকিয়া কৰা হৈছে। ডিব্ৰুগড় জিলা লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত গণেশবাৰী চাহ বাগিছাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই এনেদৰে মন্তব্য কৰে।
সভাত অংশগ্ৰহন কৰে জনস্বাস্থ্য পৰিকল্পনাৰ উন্নয়ন মন্ত্ৰী জয়ন্ত মল্লৱ বৰুৱা,লাহোৱাল সমষ্টিৰ বিধায়ক -বিনোদ হাজৰিকা,নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈ, লক্ষীমপুৰ সমষ্টিৰ বিধায়ক মানৱ ডেকা, অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা,সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যনিৰ্বাহক সদস্য টংকেশ্বৰ সোণোৱাল, ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে।বিকশিত ভাৰত সংকল্প যাত্ৰাৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থকাৰ কথা আছিল যদিও দিল্লীলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত শ্বাহে মাতি পঠিওৱাত সভা বাতিল কৰি উৰা মাৰে দিল্লীলৈ। নৰেন্দ্ৰ মোদীৰ কেন্দ্ৰীয় চৰকাৰ আৰু ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে জনসাধাৰণৰ উন্নয়নৰ বাবে লোৱা আঁচনি সমূহৰ বিষয়ে বিষয়ত বক্তব্য ৰাখে। ৰাইজক মুখ্য মন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ সপোন দিঠকত পৰিণত কৰিবলৈ আহ্বান জনায়।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/ৰমেন/আলোক.
