






কোকৰাঝাৰ, ২০ ডিছেম্বৰ (হি.স.): কোকৰাঝাৰ জিলাৰ দোতমা শিক্ষা খণ্ডৰ অন্তৰ্গত শক্তি আশ্ৰম উচ্চতৰ মাধ্যমিক আৰু কাৰিকৰী বিদ্যালয়ৰ মহাৰজত জয়ন্তী আজিৰ পৰা আৰম্ভ হৈছে। তিনি দিনীয়া কাৰ্যসূচীৰ আজি প্ৰথম দিনটোত ৰাতিপুৱা বিদ্যালয় খনৰ পতাকা উত্তোলন কৰে বিদ্যালয় খনৰ অধ্যক্ষ লক্ষণ চন্দ্ৰ দাসে।
মহাৰজত জয়ন্তীৰ পতাকা উত্তোলন আৰু মহাৰজত জয়ন্তী স্মাৰক উদ্বোধন কৰে সভাপতি তথ ই এম অৰূপ কুমাৰ দেই । শ্ৰদ্ধাঞ্জলি নিবেদন,প্ৰাচীৰ পত্ৰিকা উন্মোচন, ছাত্ৰ -ছাত্ৰী সকলৰ মাজত খেল-ধেমালি,তৰ্ক, কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
