অনজাও, ০৬ অক্টোবৰ (হি.স.)। অৰুণাচলৰ ডং ভেলীত প্ৰাণৰ শিল্পী, হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি । ভাৰতৰ প্ৰথম সূৰ্যৰ কিৰণ পৰা ঠাই হ’ল ডং ভেলী ।
বোকাখাত গেলেকীৰ জীয়ৰী ৰৌচনাৰা বেগম আৰু তেওঁৰ যোৰহাটৰ স্বামী পৰিয়ালটো গৈছিল ডং ভেলীলৈ । প্ৰকৃতিপ্ৰেমী শিল্পী জুবিন গাৰ্গক সেই স্থানত স্মৰণ কৰি পৰিয়ালটোৱে গছে গছে আঁৰি দিলে জুবিনৰ ফটো আৰু লগতে গালে মায়াবিনী ৰাতিৰ বুকুত জুবিনৰ প্ৰিয় গীতটি । এতিয়া সমগ্ৰ ৰাজ্যতে দিনে নিশাই প্ৰাণৰ শিল্পীগৰাকীক জনসাধাৰণে শ্ৰদ্ধাঞ্জলি জনাইছে।
কোনোবাই জুবিন দাৰ প্ৰতিচ্ছৱি আকি, কোনোবাই, কবিতা লিখি, কোনোবাই প্ৰতিচ্ছৱিত শ্ৰদ্ধাঞ্জলি জনায় আজিও ফেকুৰি উঠছে। বিভিন্ন স্থানত জুবিন গাৰ্গৰ আদ্ৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰে বিভিন্ন দল সংগঠনে। ইফালে জুবিন গাৰ্গৰ দহাৰ দিনা বহু অনুৰাগীয়ে নিজৰ মূৰৰ চুলি শুৰাই দিয়ে। ী
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
