শোণিতপুৰ, ১১ ডিছেম্বৰ (হি স)। শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ দক্ষিণাঞ্চলত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ। অঞ্চলটোৰ পানপুৰত সৰিয়হ,আলু,ধানখেতি খেচিগুলি তহিলং কৰিছে বন্যহস্তীয়ে।
পানপুৰ বনাঞ্চলৰ পৰা নিশাৰ ভাগত ওলাই অহা ৮/৯ জনীয়া বনৰীয়া হাতীৰ জাকে তহিলং কৰিছে খেতি পথাৰ। ইফালে বনৰীয়া হাতী উপদ্ৰৱ ৰোধৰ ক্ষেত্ৰত বনবিভাগকে যেনে ধৰণে গুৰুত্ব দিব লাগিছিল সেইধৰণে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
