
হোজাই, ২৪ আগষ্ট (হি.স.): হোজাই জিলাৰ লামডিং ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথতত যোৱাকালি নিশা লামডিং পুলিচৰ অভিযানত দুখন স্কুটিৰ পৰা ২৩ কেজি গাঞ্জা জব্দ কৰে । ইয়াৰ লগতে দুজন ব্যক্তিক আটক কৰে লামডিং আৰক্ষীয়ে ।
জব্দ কৃত গাঞ্জাৰ বজাৰ মূল্য কেইবা লক্ষাধিক টকা হ’ব বুলি জানিবলৈ দিয়ে। ত্ৰিপুৰাৰ ধৰ্মনগৰ পৰা আহি থকা অৱস্থাত লংকালৈ যাওঁতে লামডিং চেক পোষ্টৰ সময়ত ধৰা পৰে দুজন যুৱক। আটকধীন যুৱক দুজনৰ নাম ক্ৰমে সুৰজ সিংহা আৰু কিৰণ সিংহা বুলি জানিব পৰা গৈছে। দুয়োগৰাকী যুৱকৰ ঘৰ ত্ৰিপুৰাত ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
